হিন্দু যুৱকক হত্যা, লালকিল্লাত আক্ৰমণ, সাধু সকলক হত্যা! ISI কাক দিছিল দায়িত্ব?

হিন্দু যুৱকক হত্যা, লালকিল্লাত আক্ৰমণ, সাধু সকলক হত্যা! ISI কাক দিছিল দায়িত্ব?

ডিজিটেল ডেস্কঃ দিল্লীৰ লালকিল্লা আক্ৰমণৰ পৰিকল্পনা কৰিছিল আই এছ আইৰ কে-২ ডেস্কে। সূত্ৰ অনুসৰি সন্ত্ৰাসবাদী নৌশাদ আৰু জগজিতে দিল্লীৰ লালকিল্লাত নিৰাপত্তাৰক্ষী বাহিনীত নিয়োজিত সৈনিকসকলৰ ওপৰত গুলীচালনাৰ টাস্ক লাভ কৰিছিল।

২০২৩ চনৰ আৰম্ভণিতে দিল্লী আৰক্ষীয়ে দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলৰ পৰা সন্ত্ৰাসবাদী নৌশাদ আৰু জগজিৎ সিঙক গ্ৰেপ্তাৰ কৰিছিল।ইয়াৰ পাছতে দিল্লী আৰক্ষীৰ বিশেষ দলে ১ৃ০ মে'ত দিল্লীৰ পাটিয়ালা হাউচ আদালতত অভিযোগপত্ৰ দাখিল কৰিছে।

নৌশাদ পাকিস্তানত থকা আই এছ আই হেণ্ডেলাৰ আৰু লস্কৰ সন্ত্ৰাসবাদী চোহেলৰ সৈতে সম্পৰ্ক ৰাখিছিল। আনহাতে জগজিতে বিদেশত বহি থকা গেংষ্টাৰ আৰু খালিস্তানি সন্ত্ৰাসবাদী আৰ্শ দাল্লাৰ সৈতে যোগাযোগত আছিল।

অনুসন্ধানত পোহৰলৈ আহিছে যে, নৌশাদ আৰু জগজিতে তেওঁলোকৰ বিশ্বাস জয় কৰিবলৈ এজন হিন্দু যুৱকক অপহৰণ কৰিছিল। যুৱকজনৰ হাতত ভগৱান শিৱৰ এটা টেটু আছিল । তেওঁলোক দুয়োজনে যুৱকজনৰ ডিঙি কাটি দিছিল আৰু ভিডিঅ' হেণ্ডেলাৰলৈ প্ৰেৰণ কৰিছিল।

তাৰ পাছত হেণ্ডলাৰে তেওঁলোক দুয়োকে বিশ্বাস কৰিছিল। পঞ্জাৱত বজৰং দলৰ নেতাৰ হত্যাৰ বাবে ২ লাখ টকা প্ৰেৰণ কৰিছিল দুয়োকে। আনহাতে হৰিদ্বাৰত সাধুসকলক হত্যা কৰাৰ পৰিকল্পনাও কৰা হৈছিল।

হিন্দু যুৱকক হত্যা, লালকিল্লাত আক্ৰমণ, সাধু সকলক হত্যা! ISI কাক দিছিল দায়িত্ব?
স্বামীয়ে মৰিয়াই মৰিয়াই প্ৰাণ ল'লে পত্নীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in