ডিজিটেল সংবাদ, ঢকুৱাখনা: প্ৰতিটো পৰিয়ালৰ ঘৰত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ এক কেন্দ্ৰীয় আঁচনি এতিয়া বগা হাতীত পৰিণত হৈছে লখিমপুৰত। জল জীৱন মিছন আঁচনিখন বাস্তৱিকতে যে এখন চৰকাৰী পুঁজি অপচয় কৰি ধন আহৰণ কৰাৰ এক আহিলা সেয়া প্ৰকট হৈছে লখিমপুৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলত ।
সংমণ্ডলটোৰ অন্তৰ্গত বগলিজান পঞ্চালয়তৰ ১০ নং ৱাৰ্ডৰ উজনি খামটি গাঁওত ৰূপায়িত হৈছে জলজীৱন মিছনৰ আঁচনি । জনৈক বাজাজ নামৰ এজন ঠিকাদাৰে লাভ কৰা এই আঁচনি ৰূপায়ণৰ ঠিকাৰ জৰিয়তে চৰকাৰী পুঁজি অপচয় কৰাৰ এক নির্লজ প্ৰতিযোগিতা চলিছে । অত্যন্ত বেপৰোৱা আৰু দায়িত্বহীন ভাবে অত্যাধিক মুনাফা অর্জনৰ প্ৰতিযোগিতা পাতি ঠিকাদাৰ জনৰ নিয়োজিত কৰ্মচাৰীযে গো গ্ৰাসে সমস্ত পুঁজি উদৰস্থ কৰাৰ পাং পতাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ।
এই সন্দৰ্ভত উত্থাপিত ৰাজহুৱা অভিযোগৰ ভিত্তিত "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ পৰিদর্শনৰ সময়ত ফাদিল হ'ল অতি নিম্ন মানৰ আৰু প্ৰাককলন বৰ্হিভূতভাবে আঁচনিখনৰ পাইপ লাইনৰ কাম সম্পন্ন কৰা প্ৰক্ৰিয়া। আঁচনিখনৰ জিৰ' পইণ্টৰ পৰা ৰাজপথ অতিক্ৰম কৰা (ৰোড ক্ৰছিং)আৰু গ্ৰাহকৰ ঘৰলৈ সংযোগ কৰা পাইপ লাইনৰ কাম চূড়ান্ত বেপৰোৱা ভাবে কৰা পৰিলক্ষিত হ'ল ।
পথ অতিক্ৰম কৰি আৰু পথৰ দাঁতিৰে নিয়া পানী পৰিবাহী পাইপ সমূহ প্ৰায় ৩৯ ইঞ্চি দকৈ খান্দি তলত ভৰাই পুতিব লাগে । তাৰোপৰি বিভিন্ন অংশত এনে পাইপত লোৰ "টি" সংযোগ কৰিব লাগে পানীৰ পাইপৰ দিশ সলনি কৰিবলৈ ।কিন্তু আঁচনিখনত লোৰ "টি"ব্যৱহাৰ কৰাৰ পৰিবৰ্তে কিছু অংশত অতি তৰল মানদণ্ডৰ সস্তীয়া ফাইবাৰ সামগ্রী ব্যৱহাৰ কৰি অধিক মুনাফা লাভত নামি পৰিছে অৰ্থলোভী ঠিকাদাৰজন।
তদ্রুপভাবে পথৰ অতিক্ৰম কৰা পাইপ আৰু পথৰ দাঁতিত স্থাপন কৰিব লগা পাইপ সমূহ মাত্ৰ ৪-৫ ইঞ্চি দকৈ নলা খান্দি পাইপ পোতাৰ লগতে ঠায়ে ঠায়ে পথৰ পৃষ্ঠ ভাগৰ প্ৰায় ওপৰেৰে নি বালি ভৰ্তি বস্তাৰে ঢাকি, গছ বনৰ মাজেৰে পানীৰ পাইপ নি এক প্ৰকাৰৰ প্ৰসহনত পৰিণত কৰিছে ব্যয় বহুল পানী যোগান আঁচনিখন ।
কোটি টকীয়া এই আঁচনিখনৰ প্ৰাককলন অনুসৰি নিৰ্মাণৰ বাবে বিভাগৰ কাৰিকৰী বিষয়াক নিযুক্ত কৰা হৈছে যদিও এইসকল অকমন্য কাৰিকৰী বিষয়ায়ো ৰহস্যজনক ভাবে গ্ৰহণ কৰি আহিছে অন্ধ মুনিৰ ভূমিকা । চৰকাৰী বেতন ভোগ কৰি চৰকাৰী সেৱা নিয়াৰিকৈ পালন নকৰি মৰটোপনি মৰা এনেবোৰ নিষ্কর্মা বিভাগীয় বিষয়াৰ বাবেই এনেবোৰ অভিলাসী আঁচনি অসাৰ প্ৰতিপন্ন হোৱাৰ পথত অগ্ৰসৰ হৈছে।
যি সময়ত জিলাখনৰ আয়ুক্ত শোণিত সত্বৱানে জলজীৱন মিছন আঁচনিৰ গুণগত ৰূপায়ণৰ কঠোৰ নিৰ্দেশ জাৰি কৰিছে তেনে সময়তে এইখন আঁচনিৰ এনে ক্ৰুটিপূৰ্ণ আৰু বিসংগতিমূলক ৰূপায়নে বৃহৎ পৰিমাণৰ চৰকাৰী পুঁজি শৰাধ হোৱাৰ পথ প্ৰশস্ত কৰিছে। লগতে আঁচনিখনৰ স্থায়ীত্বলৈ চৰম ভাবুকি নামি আহিছে।
দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে এই ক্ৰুটিপূৰ্ণ আঁচনি ৰূপায়ন সন্দৰ্ভত জিলা আয়ুক্ত , বিভাগীয় মুখ্য অভিযন্তা আৰু বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দৃষ্টি গোচৰ কৰি অভিযোগ প্ৰেৰণ কৰিছে। এই ক্ষেত্ৰত জিলা আয়ুক্ত গৰাকীয়ে কি সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।