সৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত উজলিল বাবলী নাথ

উক্ত সমাৰোহত ১৯ খন ৰাজ্যই প্ৰতিনিধিত্ব কৰিছিল

author-image
Asomiya Pratidin
New Update
সৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত উজলিল বাবলী নাথ

ডিজিটেল সংবাদ, পলাশবাৰী : সৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত বাবলী নাথৰ কৃতিত্ব। গোৱাত অলপতে অনুষ্ঠিত সৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷

Advertisment

এনে প্ৰতিযোগিতাত ডাক সেৱা বিভাগৰ 'অসম চাৰ্কোল'ৰ হৈ ছয়গাঁও কৈমাৰী গাঁৱৰ নিবাসী বিনোদ কুমাৰ নাথ আৰু ইলা সাউদ নাথৰ জ্যেষ্ঠ কন্যা বাবলী নাথে আধুনিক গীত,কামৰূপী লোকগীত আৰু গীটাৰ বাদনত প্ৰথম স্থান লাভ কৰে।

প্ৰতিভাৱান শিল্পীগৰাকীৰ এনে সাফল্যত ছয়গাঁৱবাসী উৎফুল্লিত হৈ পৰিছে ৷ উল্লেখ্য যে উক্ত সমাৰোহত ১৯ খন ৰাজ্যই প্ৰতিনিধিত্ব কৰিছিল।

Also Read: বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে ভেণ্টেজ চাৰ্কোলৰ চাইকেল ৰেলী

Cultural Festival