চৰকাৰ ব্যৰ্থ, ছেবাক পুনৰ গঠন কৰক : ছাত্ৰ সন্থা...

শুকুৰবাৰে ছেবাৰ মুখ্য কাৰ্যালয়টো নিশা ৭ বজালৈ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ বিভিন্ন দল সংগঠনৰ লগতে ৰাজ্যজুৰি ছাত্ৰ সন্থাইয়ো সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

author-image
Asomiya Pratidin
New Update
চৰকাৰ ব্যৰ্থ, ছেবাক পুনৰ গঠন কৰক : ছাত্ৰ সন্থা...

ছেবাক পুনৰ গঠন কৰক : ছাত্ৰ সন্থা...

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত বাৰম্বাৰ ফাদিলক লৈ ৰাজ্যজুৰি অব্যাহত আছে উত্তাল প্ৰতিবাদ ৷ শুকুৰবাৰে ছেবাৰ মুখ্য কাৰ্যালয়টো নিশা ৭ বজালৈ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ বিভিন্ন দল সংগঠনৰ লগতে ৰাজ্যজুৰি ছাত্ৰ সন্থাইয়ো সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

Advertisment

ৰাজ্যৰ শিক্ষামন্ত্রী ৰনোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ জৈন, ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ প্রতিমূর্তি দাহ কৰি ৰাজ্যজুৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে। লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভবিষ্যতক লৈ ছাত্ৰ সন্থাই গভীৰ উদ্বিগ্নতা প্রকাশ কৰিছে ৷ লগতে সংস্থাটো কয় যে- অসম চৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছে। চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত ভবিষ্যত নিশ্চিত কৰিবলৈ ফলপ্রসূ পদক্ষেপ লবই লাগিব।

চৰকাৰে শীঘ্ৰেই ছেবাক পুনৰ গঠন কৰা দাবী তুলিছে ছাত্ৰ সংগঠনটোৱে। ৰাজ্যিক ব'ৰ্ডৰ বিশ্বাসযোগ্যতা ৰক্ষা কৰিবলৈ পদক্ষেপ লওক । সংস্থাটোৱে দাবী কৰি ক’য় অসম চৰকাৰে শিক্ষামন্ত্রী, ছেবাৰ অধ্যক্ষ, পৰীক্ষা নিয়ন্ত্রকক ৰক্ষণাবেক্ষণ দিয়া কার্য বন্ধ কৰক। দোষীক কঠোৰতম শাস্তি প্ৰদান কৰক। কোনো দোষীয়ে ৰেহাই পাব নালাগিব।

ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি শ্রী উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শ্ৰী শংকৰজ্যোতি বৰুৱাই ক্ষোভেৰে কয়- অসমৰ শিক্ষা বিভাগ, ছেবা কর্তৃপক্ষই লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ওপৰত মানসিক হাৰাশাস্তি চলাইছে। মুখ্যমন্ত্রীয়ে ব্যর্থতা স্বীকাৰ কৰিছে। কিন্তু ছাত্র-ছাত্রী, অভিভাৱকক আশ্বস্ত হ’ব পৰা নাই। বৰঞ্চ ব্যর্থ শিক্ষামন্ত্রী, অপদার্থ ছেবাৰ অধ্যক্ষ, পৰীক্ষা নিয়ন্ত্রকক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে।

উদ্বিগ্ন ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভবিষত সুৰক্ষিত হ'বই লাগিব বুলিও উল্লেখ কৰিছে। অসমৰ বিশিষ্ট শিক্ষাবিদেৰে ছেবাক পুনৰ গঠনৰ দাবী তুলিছে ছাত্ৰ সংগঠনটোৱে৷

Also Read: পুনৰ ৫দিনৰ ই ডিৰ জিম্মাত মনীষ ছিছ’দিয়া...

ALL ASSAM STUDENT UNION