মথুৰাপুৰত আছুৰ মুকলি বিহুৰ আয়োজন...

মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাঙ্গণত অহা ১৫ এপ্রিল অৰ্থাৎ পহিলা বহাগত আয়োজন কৰা হৈছে মুকলি বিহু

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত আছুৰ মুকলি বিহুৰ আয়োজন...

ডিজিটেল সংবাদ, চৰাইদেউ: চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মথুৰাপুৰ শাখা ছাত্ৰ সন্থা আৰু মথুৰাপুৰবাসী ৰাইজৰ সহযোগত ত্রয়োদশ বার্ষিক মুকলি বিহু উদযাপনৰ প্ৰস্তুতি আৰম্ভ। মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাঙ্গণত অহা ১৫ এপ্রিল অৰ্থাৎ পহিলা বহাগত আয়োজন কৰা হৈছে এই মুকলি বিহু।

অনুষ্ঠানটিৰ কাৰ্যসূচী অনুসৰি উক্তদিনা পুৱা ৯ বজাত চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অৰ্পণ ৰাজকোঁৱৰে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা, উদযাপন সমিতিৰ সভাপতি বিবেক বৰুৱাই বিহুৱান আৰু তেৰগৰাকী বিশিষ্ট ব্যক্তিয়ে তেৰখন বিহুৱান উত্তোলন কৰিব। ইয়াৰ পাছত আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্রিনয়ন বৰগোহাঁয়ে শ্বহীদ তৰ্পন, নীলমণি বৰগোহাঁয়ে বৃক্ষ ৰোপন কৰিব।

উল্লেখ্য যে, পুৱা ১০ বজাত কণী যুঁজ, চিত্রাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আৰু বিহুৱান প্ৰতিযোগিতা, ১২ বজাত সম্বর্ধনা অনুষ্ঠান আৰু দিনৰ ১ বজাত মুকলি বিহু আৰম্ভ হব। উক্ত বিহু উদ্বোধন কৰিব বিশিষ্ট কৌতুক অভিনেতা ৰমেন তামুলীয়ে । তদুপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা আছু নেতা সন্মিলনখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

Also Read: ২৪০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ ভাৰত-আমেৰিকাৰ...

ALL ASSAM STUDENT UNION