মেডিকেল শিক্ষাত NRI প্ৰাৰ্থীৰ আসন সংৰক্ষণ সিদ্ধান্তৰ বিৰোধীতা AISECৰ...

ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত ৰাজ্যৰ মেডিকেল কলেজসমূহত নাম ভৰ্তিৰ ক্ষেত্ৰত এন আৰ আই প্ৰাৰ্থীৰ বাবে ১০ শতাংশ আসন সংৰক্ষণৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ তীব্ৰ বিৰোধীতা কৰিছে অল ইণ্ডিয়া ছেভ এডুকেচন কমিটি(AISEC)য়ে।
মেডিকেল শিক্ষাত NRI প্ৰাৰ্থীৰ আসন সংৰক্ষণ সিদ্ধান্তৰ বিৰোধীতা AISECৰ...

ডিজিটেল ডেস্ক : শিক্ষাৰ ব্যৱসায়িকীকৰণৰ দিশে আৰু এখোজ আগুৱাই গৈ অসমৰ বিজেপি পৰিচালিত ৰাজ্য চৰকাৰখনে কেবিনেট বৈঠকত ৰাজ্যৰ মেডিকেল কলেজসমূহত নাম ভৰ্তিৰ ক্ষেত্ৰত এন আৰ আই (প্ৰবাসী ভাৰতীয়সকলৰ সন্তান) প্ৰাৰ্থীৰ বাবে ১০ শতাংশ আসন সংৰক্ষণৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ তীব্ৰ বিৰোধীতা কৰিছে অল ইণ্ডিয়া ছেভ এডুকেচন কমিটি(AISEC)য়ে।

কমিটিৰ অসম ৰাজ্যিকৰ সভাপতি অধ্যাপক ত্ৰিদীব গগৈ আৰু সম্পাদক অধ্যাপক প্ৰদীপ মহাপাত্ৰই এক বিবৃতি যোগে কয় যে, "আমি দীৰ্ঘদিনৰ পৰা কৈ অহাৰ দৰেই ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ অন্যতম প্ৰধান লক্ষ্য আৰু উদ্দেশ্য যে চৰকাৰে ক্ৰমান্বয়ে শিক্ষাৰ আৰ্থিক দায়ভাৰ দলিয়াই পেলাই শিক্ষাৰ সামগ্ৰিক ব্যক্তিগতকৰণ আৰু ব্যৱসায়ীকৰণ কৰা তথা শিক্ষাৰ প্ৰাণসত্বা ধ্বংস কৰাকেই প্ৰকটিত কৰিলে মেডিকেলৰ ১০ শতাংশ আসন ধনবান প্ৰবাসী ভাৰতীয়সকলৰ ওচৰত টকাৰ বিনিময়ত বিক্ৰী কৰি মেধাহীন ছাত্ৰক চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত অনুপ্ৰৱেশ কৰাৰ সুযোগ কৰি দিয়াৰ মাজেৰে।"

ইয়াৰ ফলত এপিনে মেডিকেল পাঠ্যক্ৰমৰ বাবে ৰাজ্যখনৰ এই বছৰৰ মুঠ ১৫০০ আসনৰ দহ শতাংশ অৰ্থাৎ ১৫০ জন মেধাৱী প্ৰাৰ্থীক চিকিৎসা বিজ্ঞান অধ্যয়নৰ পৰা বঞ্চিত কৰা হ'ব, যিটো নীতিগত দিশৰ পৰা চৰম অন্যায়। আৰু আনপিনে, যি ক্ষেত্ৰত চিকিৎসকৰ হাততে ৰোগাক্ৰান্ত ব্যক্তি এজনৰ জীৱন-মৰণ নিৰ্ভৰ কৰে তেনে ক্ষেত্ৰত টকাৰ বিনিময়ত মেধাবিহীন ছাত্ৰক চিকিৎসা পাঠ্যক্ৰমত অনুপ্ৰৱেশৰ সুযোগ কৰি দিয়াৰ মাজেৰে ৰাজ্যখনৰ চিকিৎসা ব্যৱস্থাৰ মান চূড়ান্তভাৱে অৱনমিত কৰা হ'ব, যিটো শেষ বিচাৰত এক জাতিধ্বংসী কাৰ্য হিচাপে বিবেচিত হ'ব।

লগতে তেওঁলোকে কয় যে, যি সময়ত অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, কৰ্ণাটক আদি দেশৰ বিভিন্ন ৰাজ্যত পূৰ্বে প্ৰচলিত থকা এই ব্যৱস্থা জনসাধাৰণৰ ঐক্যবদ্ধ আন্দোলনৰ হেঁচাত তুলি লোৱা হৈছে, তেনে প্ৰেক্ষাপটত স্বেচ্ছাচাৰীভাবে বিভিন্ন কাৰ্য কৰিও জনসাধাৰণৰ প্ৰতিৰোধৰ সন্মুখীন নোহোৱাকৈ থকাত এইবেলিও পাৰ হৈ যাব পাৰিব বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে এক ধৃষ্টতামূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ সাহস কৰিছে।

এই চূড়ান্ত অন্যায়-অযৌক্তিক আৰু জাতি ধ্বংসাত্মক সিদ্ধান্তক বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে চৰকাৰৰ এই চৰম জনবিৰোধী সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য কৰাবৰ বাবে ঐক্যবদ্ধ আন্দোলন গঢ়ি আগবাঢ়ি আহিবলৈ ৰাজ্যৰ সকলো শ্ৰেণীৰ মানুহক আহ্বান জনায়।

মেডিকেল শিক্ষাত NRI প্ৰাৰ্থীৰ আসন সংৰক্ষণ সিদ্ধান্তৰ বিৰোধীতা AISECৰ...
ভাৰত আহিব টেছলা, মোডীৰ আমেৰিকা ভ্ৰমণে দেশক দিব বহু ভাল খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in