ডিজিটেল সংবাদ, কোকৰাঝাৰ: সোমবাৰে কোকৰাঝাৰ সদৰ চহৰত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। সন্থাটোৱে জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কোকৰাঝাৰ সদৰ চহৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ট্ৰেফিক পইণ্টৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।
বিধানসভা অধিৱেশনৰ পঞ্চম দিনত বিধায়ক অখিল গগৈৰ এক প্ৰশ্নোত্তোৰত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৱে নাথ যোগীৰ জনজাতিকৰণ সন্দৰ্ভত কোনোধৰণৰ লিখিত আবেদন পোৱা নাই বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছতে সোনবাৰে জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে গৰজি উঠিছে নাথ যোগী ছাত্ৰ সন্থা।
লখিমপুৰৰ কেবিনেট বৈঠকত নাথ যোগীৰ বিভিন্ন সমস্যা সন্দৰ্ভত সিদ্ধান্ত নললে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিছে সংগঠনটোৱে। ৰাষ্ট্ৰীয় ঘাইপথ , ৰে'লপথ অৱৰোধ আৰু অসম বন্ধৰ ভাবুকি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ। উল্লেখযোগ্য যে প্ৰতিবাদথলীত আৰক্ষী উপস্থিত হৈ বাধা প্ৰদান কৰি প্ৰতিবাদকাৰীক আটক কৰে।