খেৰকটামুখ কেন্দ্ৰীয় আলি আয়ে লৃগাং

author-image
Asomiya Pratidin
New Update
খেৰকটামুখ কেন্দ্ৰীয় আলি আয়ে লৃগাং

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ মাতমৰাৰ ওপৰ খামনস্থিত সাংস্কৃতিক সংগ্ৰাহালয় প্ৰাংগণত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কেন্দ্ৰীয় আলি আয়ে লৃগাং উৎসৱ। শনিবাৰে দ্বিতীয় দিনাৰ সাংস্কৃতিক প্ৰতিযোগিতা উদ্বোধন কৰে মিচিং লোক কৃষ্টি সংস্কৃতিৰ বিশিষ্ট গৱেষক,সাংস্কৃতিক বিভাগৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক ডঃ পবিত্ৰ কুমাৰ পেগুৱে।

পেগুৱে কয় যে যি জাতি সাংস্কৃতিকভাৱে চহকী নহয় তেনে জাতিৰ ভৱিষ্যত সুৰক্ষিত নহয় । স্বজাতিৰ লোক কৃষ্টি সংস্কৃতিৰ চৰ্চা , নিভাঁজ উপস্থাপন আৰু সংৰক্ষণ হ'লেহে কালৰ বুকুত জাতিটো স্বাভিমানেৰে জীয়াই থাকিব। সংস্কৃতি থাকিলেহে জাতি থাকিব। এই লোক কৃষ্টি সংস্কৃতিৰ সুৰক্ষা কোনো মন্ত্ৰী বিধায়কে কৰিব নোৱাৰে ,কৰিব লাগিব স্বজাতিৰ প্ৰতিগৰাকী নাগৰিকে । এই ক্ষেত্ৰত মিচিং জনগোষ্ঠীয় নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য অধিক।

খেৰকটামুখ আবৃন মৃগাং অপে আৰু কেন্দ্ৰীয় আলি আয়ে লৃগাং উদযাপন সমিতি ,মাতমৰাৰ যৌথ উদ্যোগত অনুষ্ঠিত এই লোক কৃষ্টি উৎসৱৰ বিভিন্ন লোক কৃষ্টিৰ প্ৰতিযোগিতা উদ্বোধন কৰি বিশিষ্ট সাংস্কৃতিক সাধক ডঃ পেগুৱে লগতে কয় স্বকীয় লোক সংস্কৃতি আৰু নিজস্ব বস্ত্ৰ সম্ভাৰেৰে যথেষ্ট চহকী মিচিং জনগোষ্ঠী । কিন্তু দেশে বিদেশে জনগোষ্ঠীটোৰ বস্ত্ৰ সম্ভাৰে যথেষ্ট সমাদৰ লাভ কৰিছে যদিও জাতিটোৱে  ইয়াৰ "পেটেণ্ট" লাভ কৰিবলৈ সক্ষম হোৱা নাই । এয়া জনগোষ্ঠীটোৰ প্রতিয়ে দুৰ্ভাগ্যজনক ।

উদযাপন সমিতিৰ  কাৰ্যকৰী সভাপতি গুঞ্জলাল দলে , সম্পাদক জগদীশ দলে  মৃগাং অপেৰ  সভাপতি  বিশ্বনাথ পেগু ,উপ সভাপতি ভদ্ৰ কুমাৰ দলে, সম্পাদক নৱ কুমাৰ দলে আদি গৰিষ্ঠ সংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে। বৃহত্তৰ মাতমৰা অঞ্চলৰ অৰ্ধশতাধিক সাংস্কৃতিক দলে  গুমৰাগ , ঐনিতম , আনুনিতম আদি বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা লৃগাংৰ তিনিদিনীয়া কাৰ্যসূচীৰ দেওবাৰে সামৰণি পৰিব।

আৰু পঢ়কঃ নিজৰ কু-কৰ্ম ঢাকিবলৈ পাষাণ মাতৃয়ে পেলাই থৈ গ'ল নৱজাতকক...

Festivals of Assam ali aai ligang culture