আলাবৈ ৰণৰ ১০ হাজাৰ বীৰ শ্বহীদলৈ সামৰিক মৰ্যদাৰে শ্ৰদ্ধাঞ্জলি…

আলাবৈ ৰণৰ ১০ হাজাৰ বীৰ শ্বহীদলৈ সামৰিক মৰ্যদাৰে শ্ৰদ্ধাঞ্জলি…

author-image
asomiyapratidin
New Update
আলাবৈ ৰণৰ ১০ হাজাৰ বীৰ শ্বহীদলৈ সামৰিক মৰ্যদাৰে  শ্ৰদ্ধাঞ্জলি…

ডিজিটেল সংবাদ, উত্তৰ গুৱাহাটী: শুকুৰবাৰে আমিনগাঁওৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অন্তৰ্গত অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত হয় আলাবৈ ৰণ স্মৃতি দিৱস। এই অনুষ্ঠানত ৰাজ্য চৰকাৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ,খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই অংশ গ্ৰহণ কৰি আলাবৈ ৰণত অসম মাতৃৰ হকে প্ৰাণাহুতি দিয়া শ্বহীদ সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিৱেদন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে আমিনগাওঁস্থিত সংহত  উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা আলাবৈ ৰণ স্মৃতি সৌধত মাল্যাৰ্পণেৰে এই ৰণত নিহত হোৱা ১০ হেজাৰ বীৰ সেনানীক শ্ৰদ্ধা জনোৱা হয়।

Advertisment

এই উপলক্ষে আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষত্ৰত আয়োজিত আলাবৈ ৰণ স্মৃতি দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আলাবৈ ৰণৰ স্মৃতি যাউতি যুগীয়া কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপৰ শলাগ লয়। এটা জাতিৰ বুৰঞ্জী তথা অতীত ভালদৰে অধ্যায়ন নকৰিলে ভৱিষ্যতে সেই জাতিটো কেতিয়াও উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে বুলি কৈ মন্ত্ৰী গৰাকীয়ে আলাবৈ ৰণৰ বিস্তৃত গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ছত্ৰপতি শিৱাজী আৰু লাচিত বৰিফুকনে মোগলৰ ওচৰত কেতিয়াও শিৰ-নত কৰা নাছিল বুলি কৈ আদি শিৱাজীৰ বিষয়ে ভাৰতৰ জনসাধাৰণে যেনেদৰে জানে, বীৰ লাচিত বৰফুকনৰ বিষয়ে তেনেদৰে নাজানে বুলি মন্তব্য কৰে। এই ক্ষেত্ৰত আলাবৈ ৰণৰ স্মৃতি দিৱস উদযাপন  তথা আলাবৈ ৰণ স্মৃতি ক্ষেত্ৰ নিৰ্মাণৰ বাবে চৰকাৰে লোৱা পদক্ষেপে বিশেষভাৱে সহায় কৰিব বুলিও তেওঁ কয়। ভাষণ প্ৰসঙ্গত  তেখেতে লাচিতৰ বীৰত্ব আৰু কৰ্মৰাজি স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভূক্তিৰ অনুৰোধ জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ বিশেষ পত্ৰ প্ৰেৰণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

 অনুষ্ঠানত বক্তব্য ৰাখি খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই আলাবৈ ৰণক অসমীয়া সেনাৰ সৌৰ্য-বীৰ্যৰ প্ৰতীক তথা এক ৰক্তক্ষয় অধ্যায় বুলি অভিহিত কৰি ৰাজ্য চৰকাৰে আলাবৈ ৰণৰ স্মৃতি ক্ষেত্ৰ নিৰ্মাণৰ বাবে লোৱা বিশেষ উদ্যোগৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।

অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত অধ্যাপক পদ্মশ্ৰী যোগেন্দ্ৰ নাথ ফুকনে বুৰঞ্জী পঢ়াৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়। তেখেতে লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আলাবৈ ৰণৰ স্মৃতি সুৰক্ষাৰ বাবে লোৱা পদক্ষেপৰ শলাগ লয়।

প্ৰত্নতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড০ দিপীৰেখা কুলিয়ে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, শৰাইঘাট জাৰ্নেলিষ্ট ফ'ৰামৰ সম্পাদক মধু সুদন মেধিয়ে আলাবৈ ৰণৰ বিস্তৃত আলোকপাতেৰে বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানত ৰাজ্যখনত তিনিখন প্ৰত্নতাত্ত্বিক স্থানৰ বৰ্ণনাৰে বিভাগে প্ৰস্তুত কৰি উলিওৱা তিনিখন পুষ্টিকাও উন্মোচন কৰা হয়। অনুষ্ঠানত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সচিব সীমাৰেখা ভূঞা, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়কে ধৰি বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

আৰু পঢ়ক: নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বাধা

assam guwahati