নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বাধা

নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বাধা

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰশাসনৰ বাধা ৷ শুকুৰবাৰে দুপৰ ভাগত নগাঁও জিলা কংগ্ৰেছে বাহিৰ কৰা প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান কৰে নগাঁও আৰক্ষীয়ে ৷ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ চৌহদতে প্ৰতিবাদকাৰীক আবদ্ধ কৰি ৰখা হয় ৷

মূল্যবৃদ্ধি , নিবনুৱা সমস্যা , বান সাহাৰ্য্যক লৈ ৰাজনীতি আৰু অত্যাবশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰাৰ প্ৰতিবাদত জিলা কংগ্ৰেছে শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল ৷ কাৰ্যালয়ৰ পৰা সমদল কৰি কংগ্ৰেছে উপায়ুক্ত কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা আছিল যদিও পিছত ঘটনাস্থলীতে দণ্ডাধীশৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে ৰাজনৈতিক দলটোয়ে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in