কাজিৰঙাৰ অৰ্কিড উদ্যানৰ সংগ্ৰহালয়ৰ বাবে সহায় ভিক্ষা অখিল গগৈৰ

২০১৫ বৰ্ষত জন্ম লাভ কৰা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে ইতিমধ্যেই কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

author-image
Asomiya Pratidin
New Update
ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক গৰিহণা ৰাইজৰ দলৰ...

Akhil Gogoi suspended from Assam assembly

ডিজিটেল সংবাদ, কাজিৰঙা: ২০১৫ বৰ্ষত জন্ম লাভ কৰা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে ইতিমধ্যেই কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ ৬ শতাধিক প্ৰজাতিৰ অৰ্কিডৰ লগতে কেকটাছ, তুলসী, বহু প্ৰজাতিৰ বাঁহকে প্ৰমুখ্য কৰি বিভিন্ন সমল থকা অৰ্কিড উদ্যানত ইতিমধ্যেই গোৰ্খাকে ধৰি বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন সামগ্ৰী মজুত ৰখা হৈছে ৷

Advertisment

স্থানীয় শতাধিক পৰিয়াল প্ৰত্যক্ষভাৱে এই উদ্যানখনৰ স’তে জড়িত থকাৰ বিপৰীতে বহু পৰিয়াল পৰোক্ষভাৱে এই উদ্যানৰ পৰা উপকৃত হৈছে ৷ শেহতীয়াকৈ অৰ্কিড উদ্যানখনত আন এক সংযোজন কৰিবলৈ বিচৰা বিভিন্ন জনগোষ্ঠীয় সাজ-পোছাক আৰু অলংকাৰৰ সংগ্ৰহালয়টো সম্পূৰ্ণ কৰিবলৈ অৰ্কিড উদ্যানৰ অধ্যক্ষ তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৰাইজলৈ বুলি সামাজিক মাধ্যমযোগে সহায় বিচাৰিছে ৷

গগৈয়ে কয় যে জে’ললৈ যোৱাৰ পূৰ্বে মই কাজিৰঙা অৰ্কিড উদ্যানৰ পৰম্পৰাগত সাজ-পোছাকৰ আৰু অলংকাৰৰ সংগ্ৰহালয়টো সম্পূৰ্ণ কৰি যাব খোজো। যিহেতু মোক চৰকাৰে পুনৰ কাৰাগাৰলৈ পঠিওৱাৰ ষড়যন্ত্ৰ কৰিছে আৰু ইউএপিএ-ৰ ধাৰা থকা বাবে কিমান দিন জে’লত থাকো তাৰ কোনো নিশ্চয়তা নাই , সেয়ে তাৰ পূৰ্বে অৰ্থাৎ ২৩ ফেব্ৰুৱাৰীৰ আগতে কাজিৰঙা অৰ্কিড পাৰ্কৰ সংগ্ৰহালয় দুটা সম্পূৰ্ণ কৰি উদ্বোধন কৰি যোৱাৰ সপোন আছে।

কিন্তু এতিয়াও সকলো কাপোৰ আৰু পৰম্পৰাগত অলংকাৰ যোগাৰ হোৱা নাই। সেয়েহে অসমীয়া পৰম্পৰাগত সাজ-পোছাকৰ উপৰি অলংকাৰসমূহ যিয়ে যেনেকৈ পাৰে উপহাৰ দিবলৈ মই বিনম্ৰতাৰে প্ৰাৰ্থনা জনাইছো। আমাক মূলত: পুৰুষ -মহিলা সকলোৰে দেউৰী, শ্যাম, তুৰুং, আইতনীয়া, ফাকে, গোৰ্খা, ঠেঙাল কছাৰী, মটক, তাই আহোম, চাহ জনগোষ্ঠী আদিবাসী, তিৱা, ৰাভা , গাৰো, ডিমাচা , কুকি আদিৰ সাজ-পাৰ আৰু অলংকাৰ লাগে। অসমীয়া সাজ-পোছাক আৰু অলংকাৰসমূহো লাগে।

অসমীয়া পুৰণি অলংকাৰ যদি কোনোৱে দিয়ে নথৈ কৃতাৰ্থ হ’ম। তলত আমাক দৰকাৰ হোৱা অসমীয়া পৰম্পৰাগত সাজ-পাৰসমূহৰ নাম উল্লেখ কৰিলো —-

১) বৰ কাপোৰ ২) খনীয়া কাপোৰ ৩) ৰিহা ৪) মেথনি ৫) এৰীয়া চাদৰ ৬) চেলেং ৭) গাৰী দিয়া চাদৰ ৮) (নামনি অসমত ব্যৱহাৰ হোৱা , যদি ভিন্ন আছে)চাদৰ ৯) (নামনি অসমত ব্যৱহাৰ হোৱা, যদি ভিন্ন আছে) মেখেলা ১০) বগলী সুতাৰ চাদৰ মেখেলা ১১) পকোৱা সুতাৰ মেখেলা চাদৰ ১২) হাজাৰ পকোৱাৰ মেখেলা চাদৰ ১৩) ৮০ সুতাৰ মেখেলা চাদৰ ১৪) ৬০ সুতাৰ মেখেলা চাদৰ ১৫) ৪০ সুতাৰ মেখেলা চাদৰ ১৬) ৩০ সুতাৰ মেখেলা চাদৰ ১৭) ২০ ৰ সুতাৰ মেখেলা চাদৰ ১৮) কপাহী দলিচা ১৯) বোৱা আঁঠুৱা ২০) ফটাকানি কাপোৰ ২১)সিংখাপৰ কাপোৰ ২২) মেজাংকৰি পাট ২৩) পাটৰ মেখেলা চাদৰ ২৪) পাটৰ ব্লাউজ ২৫) মুগাৰ সাজ ২৬) পাটৰ পাগুৰি/ ভুনি ২৭) চুৰিয়া ২৮) ক’লা চোলা ২৯) এঙা চোলা ৩০) ছয়কঠীয়া কাপোৰ ৩১) পাগুৰি/ ফচৌ ৩২) ৰুমাল ৩৩) সাচতি ৩৪) থুনুপাক (মোনা ) ৩৫) মোনা ৩৬) গোসাঁই কাপোৰ ৩৭ ) চন্দ্ৰতাপ ৩৮) মৰিশালিৰ কাপোৰ ৩৯) আঁৰিয়া ধৰা ৪০) গামোচা ৪১) টঙালি ৪২) ৰঙালী আদি। অৰ্কিড উদ্যানৰ অধ্যক্ষ গগৈয়ে

সকলো জনতাক এই অভিযানত সহযোগিতাৰ হাত আগবঢ়াবলৈ বিনম্ৰ প্ৰাৰ্থনা জনায়।

আৰু পঢ়ক: মধ্যবিত্তক লগত লৈ নতুন ইতিহাস সৃষ্টিৰ দিশে ২০২৪...

kaziranga akhil gogoi