বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে যি ব্যৱস্থা হাতত লৈছে সেয়া অবৈধ: অখিল গগৈ

ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহ বিৰোধী অভিযান। ইয়াৰ মাজতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কৃষক নেতা অখিল গগৈয়ে।

author-image
Asomiya Pratidin
New Update
বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে যি ব্যৱস্থা হাতত লৈছে সেয়া অবৈধ:  অখিল গগৈ

Akhil gogoi

ডিজিটেল সংবাদ, কাজিৰঙা: ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহ বিৰোধী অভিযান। ইয়াৰ মাজতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কৃষক নেতা অখিল গগৈয়ে।

Advertisment

গগৈয়ে কয় যে বাল্য বিবাহ সমৰ্থন নকৰো যদিও অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়াও সমৰ্থনযোগ্য নহয়।বাল্য বিবাহৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছে সি নিজেই এই অবৈধ ব্যৱস্থা।

আইনত স্পষ্ট কৈ কোৱা হৈছে যে বাল্য বিবাহ কৰা দুবছৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা সেই বিবাহখন নিয়মীয়া হৈ যায়।চৰকাৰে বাল্য বিবাহ কৰা মানুহৰ বিৰুদ্ধে গোচৰ তৰিছে যদিও তেওলোকে জামিন লাভ কৰিছে।বাল্য বিবাহ কৰা মানুহে জামিন নাপায়।

চৰকাৰে অবৈধভাৱে মানুহৰ ওপৰত আক্ৰমণ নমাই আনিছে।বাল্যবিবাহ বন্ধ কৰাৰ নামত হিটলাৰীৰাজ চলিছে বুলি মত ব্যক্ত কৰে অখিল গগৈয়ে। লগতে কয় যে এইয়া কেৱল চমকহে।বিজেপি চৰকাৰে শেহতীয়া সকলো কাৰ্যক কেৱল এটা নিদিষ্ট ধৰ্মৰ ওপৰত আক্ৰমণ কৰিবৰ বাবে সকলো কৰি আছে বুলি কয়।

আৰু পঢ়ক: চলন্ত ট্ৰাকত খুন্দা, থিতাতে নিহত এজন...

akhil gogoi child marriage