১০-১৫ বছৰৰ ভিতৰত গুৱাহাটীৰ অভাৰব্ৰীজ এফালৰ পৰা ভাঙিব লাগিবঃ অখিল গগৈ

ভয়াৱহ হাৰত গুৱাহাটীত বৃদ্ধি পাইছে বায়ু প্রদূষণ। বায়ুমণ্ডলৰ ভাৰসাম্য ক্রমাৎ হ্রাস পোৱাত গুৱাহাটীত বাঢ়িছে বিভিন্ন ৰোগত আক্রান্তৰ সংখ্যা।
akhil gogoi
akhil gogoi

ডিজিটেল সংবাদ, কাজিৰঙা: ভয়াৱহ হাৰত গুৱাহাটীত বৃদ্ধি পাইছে বায়ু প্রদূষণ। বায়ুমণ্ডলৰ ভাৰসাম্য ক্রমাৎ হ্রাস পোৱাত গুৱাহাটীত বাঢ়িছে বিভিন্ন ৰোগত আক্রান্তৰ সংখ্যা। প্রতিদিনেই বৃদ্ধি পাইছে বায়ুমান সূচাংক। অতিক্রম কৰিছে সূচাংকৰ সীমা ৷

গুৱাহাটীত সুস্থ ৰূপত জীয়াই থকাটো পৰিৱেশৰ বাবে অসম্ভৱ হৈ পৰিছে বুলি মত প্ৰকাশ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ লগতে তেও কয় যে গুৱাহাটী সম্পুৰ্ণ ৰূপে অস্বাস্থ্যকৰ ঠাইলৈ পৰিণত হৈছে ৷নলাৰ পৰা উলিয়াই ঠায়ে ঠায়ে গোটাই থোৱা বোকাই চূড়ান্তৰূপে পৰিৱেশ বিনষ্ট কৰিছে ৷জাৱৰ নিস্কাষণৰ নাই উপযুক্ত ব্যৱস্থা,নাই ভৰলু পৰিস্কাৰ কৰাৰ ব্যৱস্থা ৷

হিমন্ত বিশ্ব শৰ্মাই কমিচন খোৱাৰ বুদ্ধিত অভাৰব্ৰীজ নিৰ্মাণ কৰিছে ৷কমিছনৰ অংকত নিজৰ ঠিকাদাৰক যধে মধে কাম দি প্ৰদুষিত কৰিছে গুৱাহাটীৰ পৰিৱেশ ৷১০ ৰ পৰা ১৫ বছৰৰ ভিতৰত গুৱাহাটীৰ অভাৰব্ৰীজ এফালৰ পৰা ভাঙিব লাগিৱ ৷চৰকাৰে গুৱাহাটীৰ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সম্পুৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ বিধায়ক অখিল গগৈৰ ৷

আৰু পঢ়ক: বাল্য বিবাহৰ বলি হোৱা কিশোৰীক দিয়া হ'ব পুনৰ সংস্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in