বিজেপি চৰকাৰৰ দুটা কাৰ্যকাল সম্পূৰ্ণ নহওতেই ছিলিণ্ডাৰৰ মূল্য তিনিগুণ বৃদ্ধি-অখিল গগৈ

author-image
Asomiya Pratidin
New Update
বিজেপি চৰকাৰৰ দুটা কাৰ্যকাল সম্পূৰ্ণ নহওতেই ছিলিণ্ডাৰৰ মূল্য তিনিগুণ বৃদ্ধি-অখিল গগৈ

ডিজিটেল সংবাদ, কাজিৰঙা : ৰন্ধন গেছৰ মূল্যবৃদ্ধিকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ৷ শেহতীয়াকৈ ৰন্ধন গেছত ৫০ টকাকৈ বৃদ্ধি হোৱাৰ পাছত কাজিৰঙাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে কয় যে, ২০১৪ বৰ্ষত যেতিয়া বিজেপি চৰকাৰ শাসনলৈ আহিছিল তেতিয়া ভাৰতত ৰন্ধন গেছৰ মূল্য আছিল ৪১৪ টকা।

Advertisment

তেতিয়া গেছ ছিলিণ্ডাৰত ৰেহাইও পাইছিল সৰ্বসাধাৰণ ৰাইজে। এতিয়া ৰন্ধন গেছৰ মূল্য ১১০০ হ'ল গৈ কিন্তু এতিয়া পূৰ্বৰ ধৰণে সৰ্বসাধাৰণ ৰাইজে ৰেহাই মূল্যত নাপাই ছিলিণ্ডাৰ। বিজেপি চৰকাৰৰ দুটা কাৰ্যকাল সম্পূৰ্ণ নহওতেই ছিলিণ্ডাৰ মূল্য তিনিগুন বৃদ্ধি হৈছে বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে।

বিজেপি চৰকাৰে অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি কৰিছে। মূল্যবৃদ্ধিৰ ফলত এতিয়া সাধাৰণ ৰাইজ জীয়াই থকাটো কঠিন হৈ পৰিছে বুলি মন্ত্যৱ বিধায়ক গৰাকীৰ। সমগ্র দেশ বাসীক মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হবলৈ আহ্বান অখিল গগৈৰ।

Also Read: কাজিৰঙাৰ কাঞ্চনজুৰিৰ আটাইতকৈ ডাঙৰ এনিমেল কৰিডৰটো আপুনি আৰু কেশৱ মহন্তই দখল কৰা নাইনে : অখিল গগৈ

bjp akhil gogoi