৪ টাকৈ ভূমিকম্পই জোকাৰি গ'ল নেপালঃ প্ৰভাৱ পৰিল ভাৰততো...

৪ টাকৈ ভূমিকম্পই জোকাৰি গ'ল নেপালঃ প্ৰভাৱ পৰিল ভাৰততো...

author-image
Asomiya Pratidin
New Update
৪ টাকৈ ভূমিকম্পই জোকাৰি গ'ল নেপালঃ প্ৰভাৱ পৰিল ভাৰততো...

৪ টাকৈ ভূমিকম্পই জোকাৰি গ'ল নেপালঃ প্ৰভাৱ পৰিল ভাৰততো...

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে চাৰিটাকৈ ভূমিকম্পই জোকাৰি গ'ল নেপালক। নেপালত উৎপত্তি হোৱা এই ভূমিকম্পৰ জোকাৰণি ভাৰততো অনুভৱ হয়। দিনটোত প্ৰথমে দিনৰ ২-২৫ বজাত প্ৰথমটো ভূমিকম্প অহাৰ পাছত ক্ৰমান্বয়ে ২-৫১ বজাত দ্বিতীয়টো, ৩-০৬ বজাত তৃতীয়টো আৰু ৩-১৯ বজাত চতুৰ্থটো ভূমিকম্প আহে।

Advertisment

ইয়াৰে প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৬। সেইদৰে দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.২। প্ৰায় ৪০ ছেকেণ্ড ধৰি এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ থাকে দেশখনত।

ইয়াৰ পিছত অহা তৃতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৬আৰু চতুৰ্থটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.১। এই আটাইকেইটা ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল ভাতেখোলাৰ পৰা ২ কিলোমিটাৰ দূৰত ভূগৰ্ভৰ ৪ কিলোমিটাৰ তলত।

নেপালত অহা এই ভূমিকম্পৰ প্ৰভাৱ ভাৰততো পৰে। এই ভূমিকম্পৰ বাবেই কপি উঠে ৰাজধানী চহৰ দিল্লী, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আদি। আনহাতে এই ভূমিকম্পৰ ফলত নেপালৰ বিভিন্ন স্থানত বহু আৱাসগৃহৰ ক্ষয়, ক্ষতিৰ হোৱাৰ খবৰ প্ৰকাশ পাইছে।

Also Read: নিউজ ক্লিকৰ সম্পাদক, প্ৰকাশকক গ্ৰেপ্তাৰ...

ভূমিকম্প