বিভিন্ন দাবীৰে জোনাইত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় কমিটিৰ আহ্বান মৰ্মে বুধবাৰে জোনাইত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হয়।

author-image
Asomiya Pratidin
New Update
বিভিন্ন দাবীৰে জোনাইত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

ডিজিটেল সংবাদ, চিলাপথাৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় কমিটিৰ আহ্বান মৰ্মে বুধবাৰে জোনাইত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হয়। চিলাপথাৰ,চিমেন চাপৰি,জোনাই আঞ্চলিক সমিতি,জাতীয় মহিলা পৰিষদ আৰু জোনাই ই-ৰিক্সা সমিতি তথা ৰাইজৰ সহযোগত উলিওৱা হয় এই প্ৰতিবাদী কাৰ্যসূচী। বিদ্যুৎ মাছুল হ্ৰাস কৰা আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে নিয়মীয়া বিদ্যুত যোগানৰ বাবে চিলাপথাৰ পৰা জোনাইলৈ টাৱাৰ লাইনৰ ব্যৱস্থা কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Advertisment

কেইবাশ প্ৰতিবাদকাৰীয়ে যুৱ ছাত্ৰ পৰিষদৰ জোনাইৰ নিজা কাৰ্যালয়ৰ পৰা বজাৰ হৈ বিভিন্ন দাবীৰ শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে। ৰাইজে জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ মহকুমাধিপতিৰ জৰিয়তে বিভিন্ন দাবী সম্বলিত এক স্মাৰকপত্ৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে। দাবী বোৰ পূৰণৰ ব্যৱস্থা নকৰিলে ধাৰাবাহিক আন্দোলন চলোৱা হ'ব বুলি সংগঠনটোৱে হুমকি দিয়ে।

Also Read: সমষ্টি পুন: নিৰ্ধাৰণ সন্দৰ্ভত সাংসদ পল্লব লোচন দাসৰ প্ৰতিক্ৰিয়া...

protest