/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/d8c39470-1ad8-4db9-8186-3f80a2cc85e4/fdgfgf.jpg)
ডিজিটেল ডেস্কঃ অসমত 'কা' বাতিল আৰু ইনাৰ লাইন পাৰ্মিট প্ৰবৰ্তন কৰাৰ দাবীৰে সোমবাৰে যন্তৰ মন্তৰত উত্তাল প্ৰতিবাদ সাৱস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অসমৰ খিলঞ্জীয়া জনতাক সুৰক্ষিত কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভুমিকাক সমালোচনা কৰে পৰিষদে ৷
অসমত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবই লাগিব, অসমত ইনাৰ লাইন পাৰ্মিট প্ৰদান কৰি সুৰক্ষিত কৰিব লাগিব আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/40314c26-5afd-4cc4-aeea-4719f4fc2447/d733f35c_58c8_437d_9337_22e45e70b172.jpg)
প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে অংশ লোৱা এই প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰৰ অসম বিৰোধী সিধান্তৰ বিৰুদ্ধে শ্লোগান আৰু প্লেকাৰ্ডৰ প্ৰদৰ্শন কৰে পৰিষদে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বেই তেওঁলোকৰ দাবীসমূহ পূৰণৰ দাবী জনায়।
আনহাতে, অসমৰ খিলঞ্জীয়া নাগৰিকৰ ভৱিষ্যত সুৰক্ষিত কৰাত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ উভয়ে ব্য়ৰ্থ হৈছে বুলি মন্ত্য়ব্য কৰে যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইয়ে ৷ প্ৰতিবাদৰ অন্তত তেওঁলোকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে।
Also Read: বিধ্বস্ত অৰ্থনীতিত ভৰ দি চৰকাৰৰ চমক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us