অৱশেষত চিনাক্ত পুৱা গুৱাহাটীত উদ্ধাৰ হোৱা মৃতদেহ...

চিনাক্ত হ’ল গুৱাহাটীৰ চানমাৰিত উদ্ধাৰ হোৱা মৃতদেহটো। মৃত যুৱকজন নগাঁও জুৰিয়াৰ ইমদাদুৰ ইছলাম বুলি চিনাক্ত হৈছে।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ চিনাক্ত হ’ল গুৱাহাটীৰ চানমাৰিত উদ্ধাৰ হোৱা মৃতদেহটো। মৃত যুৱকজন নগাঁও জুৰিয়াৰ ইমদাদুৰ ইছলাম বুলি চিনাক্ত হৈছে। নিজকে তৃতীয় লিংগৰ বুলি পৰিচয় দি আহিছিল ইমদাদুৰে।

Advertisment

শনিবাৰে পুৱা মহানগৰীৰ চানমাৰিস্থিত অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ হোষ্টেলৰ কাষত উদ্ধাৰ হৈছে এই মৃতদেহটো। প্ৰথম অৱস্থাত মৃতদেহটো তৃতীয় লিংগৰ বুলি স্থানীয়ই কৈছিল যদিও পৰৱৰ্তী সময়ত গম পোৱা যায় মৃতদেহটো যুৱকৰ বুলি।

মৃতদেহটোত আঘাতৰ চিন স্পষ্ট আছিল। ডিঙি কাটি হত্যা কৰা হৈছিল যুৱকজনক । তাৰপাছতে বস্তাত ভৰাই পেলাই দিছিল মৃতদেহটো। অৱশ্য়ে কোনে কিয় এই ঘটনা সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: লাখ লাখ টকাৰ চুৰি কাণ্ড সংঘটিত কৰা ৫ চোৰ আৰক্ষীৰ জালত...

Assam police