যুৱ-ছাত্ৰ পৰিষদৰ ৪৫ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু ন-পুৰণি সতীৰ্থ সন্মিলন

অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৫ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু ন-পুৰণি সতীৰ্থ সন্মিলন দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়|
 যুৱ-ছাত্ৰ পৰিষদৰ ৪৫ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু ন-পুৰণি সতীৰ্থ সন্মিলন

ডিজিটেল ডেস্কঃ অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৫ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু ন-পুৰণি সতীৰ্থ সন্মিলন দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়| সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত যোদে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইয়ে কয় যে অসম আৰু অসমীয়া জাতিৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে আৰু অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন, পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থা প্ৰৱৰ্তন আদি মূল দাবীৰে ১৯৭৮ চনৰ ১২ মাৰ্চ তাৰিখে প্ৰতিষ্ঠা হোৱা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আজি ৪৫ বষৰ্ৰ অতিক্ৰম কৰিলে ।

প্ৰাক্তন সতীৰ্থ আৰু বৰ্তমানৰ সংগ্ৰামী সকলো উপস্থিত থাকে আজিৰ সন্মিলনত। আজিৰ এই অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে সভাপতি পলাশ চাংমায়ে, শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহায়ে , সতীৰ্থ স্মৰণ কৰে মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই । অসমৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰি উলিওৱা বাৰেৰহণীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই । ইয়াৰ লগতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে জনপ্ৰিয় কন্ঠশিল্পী বৰ্ণালী কলিতা ,দিপলীনা ডেকা আৰু অভিনেত্ৰী ভ্ৰান্তী মেধিয়ে ।

উল্লেখযোগ্য যে আজি যুৱ-ছাত্ৰ পৰিষদৰ স্থায়ী ৰক্ত ভড়াল "নৱজীৱন" উদ্ধোধন কৰা হয় | ১৫০ গৰাকী যুৱ-ছাত্ৰ কৰ্মীয়ে ৰক্ত দান কৰা ৰক্ত ভড়ালৰ উদ্বোধন কৰে বিশিষ্ট চিকিৎসক তথা নেমকেয়াৰ হস্পিতেলৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই| পৰিষদৰ নেতাদ্বয়ে জানিবলৈ দিয়ে যে উদ্ধোধন কৰা যুৱ-ছাত্ৰ পৰিষদৰ স্থায়ী ৰক্ত ভড়াল নৱজীৱনৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ ৰোগীয়ে বিনামূলীয়াকৈ ৰক্ত লাভ কৰিব পাৰিব |

ন-পুৰণি সতীৰ্থ সন্মিলনত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা কালৰ আহ্বায়ক সকল, প্ৰতিষ্ঠা লগ্নৰ কেন্দ্ৰীয় বিষয়ববীয়া , সদস্য আৰু অসমৰ বিভিন্ন জিলা সমিতিৰ প্ৰাক্তন সতীৰ্থ সকলোৱে অংশ গ্ৰহণ কৰে | পৰিষদৰ সভাপতি পলাশ চাংমায়ে সভাপতিত্ব কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক ড০ ৰীতা চৌধুৰী, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি, সাধাৰণ সম্পাদক আৰু মুখ্য উপদেষ্টা তথা উপদেষ্টা সকল |

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ তথা সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা ওৰফে ৰাজীৱ ৰাজকোঁৱৰ আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱা , প্ৰাক্তন সতীৰ্থ তথা বিশিষ্ট উদ্যোগপতি প্ৰদীপ কোঁচ আদি |

ন-পুৰণি সতীৰ্থ সন্মিলনত পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় নেতৃত্ব সকলে বক্তব্য ৰাখি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ জাতীয় সংগ্ৰাম খনৰ প্ৰতি পূৰ্ণ সমৰ্থন ব্যক্ত কৰাৰ লগতে পৰিষদৰ আগন্তুক দিনৰ কৰ্মসূচী সন্দৰ্ভত পৰামৰ্শমুলক বক্তব্য আগবঢ়ায় | এই বৰ্ষৰ পৰা ধাৰাবাহিকতা ৰক্ষা কৰি প্ৰতিবছৰে কেন্দ্ৰীয়ভাৱে ন-পুৰণি সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰিব বুলি পৰিষদৰ নেতাদ্বয়ে লগতে উল্লেখ কৰে |

 যুৱ-ছাত্ৰ পৰিষদৰ ৪৫ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু ন-পুৰণি সতীৰ্থ সন্মিলন
মহিলাক উৎপীড়ন, স্বামীক প্ৰহাৰ! বিজেপি বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in