সমষ্টি পুনৰ নিৰ্ধাৰণঃ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হোৱাটো বিছাৰে AJYCP য়ে...

সমষ্টি পুনৰ নিৰ্ধাৰণঃ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হোৱাটো বিছাৰে AJYCP য়ে...
সমষ্টি পুনৰ নিৰ্ধাৰণঃ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হোৱাটো বিছাৰে AJYCP য়ে...

ডিজিটেল সংবাদ গুৱাহাটীঃ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে খচৰা প্ৰস্তুত কৰাৰ পিছত বিভিন্ন পর্যালোচনা চলি থকাৰ সময়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিষয়টো সন্দৰ্ভত পুনৰ নিজৰ স্থিতি প্রকাশ কৰিছে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইয়ে কয় যে, অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰা দিনতেই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নিজৰ স্থিতি ইতিমধ্যেই প্রকাশ কৰিছে।

ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰি অসমত সমষ্টিৰ সংখ্যা বৃদ্ধি নকৰাকৈ কিছু সমষ্টি কৰ্তন কৰি নতুন সমষ্টি সৃষ্টি কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত উজনি অসমত চিচিবৰগাওঁ, মাকুম আৰু ৰঙানদী সমষ্টি নতুনকৈ সৃষ্টি কৰাটো সমর্থন যোগ্য।

একেদৰে খিলঞ্জীয়া অধ্যুষিত নামনি অসম আৰু বি টি চি এলেকাত নতুন সমষ্টি সৃষ্টি কৰাটো খিলঞ্জীয়া লোকৰ স্বাৰ্থত থাকিলেও ইয়াৰ বিপৰীতে কিছু সমষ্টিৰ কেৱল নাম সলনি কৰিছে আৰু কিছু সমৰ্থিত পৰিসৰ কৰ্তন কৰি বেলেগ সমষ্টিত সন্নিবিষ্ট কৰিছে।

প্ৰকৃততে অসমত সমষ্টিৰ সংখ্য বৃদ্ধি নকৰি কেৱল সমষ্টিৰ নাম সলনি কৰিলে অথবা সমষ্টি কৰ্তন কৰি নতুন সমষ্টি সৃষ্টি কৰিলে খিলঞ্জীয়াৰ ভবিষ্যত সুৰক্ষিত নহয়। তেনেদৰে খিলঞ্জীয়াৰ প্ৰভুত্ব থকা সমষ্টি বিলুপ্তি ঘটাই নতুনকৈ খিলঞ্জীয়াৰ প্ৰভুত্ব থকা সমষ্টিৰ সৃষ্টি কৰিলে খিলঞ্জীয়া লোকৰ বিশেষ লাভালাভ নহয়।

উদাহৰণ স্বৰূপে ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰু শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টি দুটা খিলঞ্জীয়াৰ প্ৰভুত্ব থকা সমষ্টি। সেই সমষ্টি দুটাৰ কৰ্তনে খিলঞ্জীয়া লোকক লাভান্বিত নকৰে।

যুৱ-ছাত্ৰ পৰিষদে লাহোৱাল আৰু আমগুৰি সমষ্টি দুটা বিলুপ্তি নকৰিবলৈ নির্বাচন আয়োগক আহ্বান জনাইছে। পৰিষদৰ নেতাদ্বয়ে কয় যে, এই বিষয়সমূহত ভাৰতৰ নিৰ্বাচন আয়োগে গুৰুত্ব প্ৰদান কৰা উচিত।

ইতিমধ্যেই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এনে বিষয় পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই ভাৰতৰ নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ প্ৰদান কৰিছে। পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে, ২০০১ চনৰ লোকপিয়লক আধাৰ হিচাপে লৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে যদিহে সাংবিধানিকভাৱে অসমৰ খিলঞ্জীয়া লোকক সুৰক্ষিত কৰাৰ নিশ্চয়তা থাকে তেনেক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দ্বিমত নাথাকিব।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বিৰোধী নহয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ স্পষ্ট কথা যে, অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অসমৰ থলুৱা খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত হ'বই লাগিব।

সমষ্টি পুনৰ নিৰ্ধাৰণঃ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হোৱাটো বিছাৰে AJYCP য়ে...
কাজিৰঙাত মুখাপিন্ধা ভদ্ৰলোকৰ কাণ্ডঃ পঢ়াবলৈ আনি শিশুক অকথ্য নিৰ্যাতন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in