অবৈধ কয়লা খনন আৰু সৰবৰাহক লৈ অসম জাতীয় পৰিষদৰ বিস্ফোৰক তথ্য...

বহু সময়ত অসম জাতীয় পৰিষদে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা অবৈধ কয়লা খনন আৰু সৰবৰাহক লৈ বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে।
অবৈধ কয়লা খনন আৰু সৰবৰাহক লৈ অসম জাতীয় পৰিষদৰ বিস্ফোৰক তথ্য...

ডিজিটেল ডেস্ক: বহু সময়ত অসম জাতীয় পৰিষদে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা অবৈধ কয়লা খনন আৰু সৰবৰাহক লৈ বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে। দেওবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে সংবাদ মেল পাতি কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰে।

ইয়াৰ পূৰ্বে ২০২২ চনৰ ২৩ ডিচেম্বৰত তিনিচুকীয়া আৰু কাৰ্বি আংলং-ডিমা হাচাওকে ধৰি কেইবাখনো জিলাত ৰেট-হোল মাইনিঙৰ জৰিয়তে ব্যাপক হাৰত অবৈধ কয়লাৰ খনন আৰু সৰবৰাহ চলি থকাৰ বিষয়টো অসম জাতীয় পৰিষদে ৰাজহুৱা কৰিছিল।

জাতীয় পৰিষদে বিভিন্ন অভিযোগ উত্থাপৱন কৰিছিল । লগতে অসমৰ কোন কোন ঠাইত কেনেদৰে কয়লাৰ অবৈধ খনন চলি আছে ক'ৰ পৰা ক'লৈ অবৈধ সৰবৰাহ হয়; উক্ত খনন আৰু সৰবৰাহৰ লগত কোন কোন ব্যক্তি জড়িত, বনন আৰু সৰবৰাহৰ বাবত দিছপুৰৰ উদ্দেশ্যে কিমান টকা ছিণ্ডিকেটৰ ধন সংগ্ৰহ কৰা হয়; কোনগৰাকী দিছপুৰীয়া 'ওপৰৰ নেতাৰ তত্বাৱধানত এই গোটেই প্ৰক্ৰিয়া চলি আছে, তাৰ সমস্ত তথ্য দাঙি ধৰিছিল।

জাতীয় পৰিষদে কয় যে অবৈধ ৰেট-হোল মাইনিঙৰ কামত নিয়োজিত হৈ বহুকেইগৰাকী শ্ৰমিকৰ ইতিমধ্যে মৃত্যু হৈছে। অভিযোগ উত্থাপন কৰি জাতীয় পৰিষদে কয় যে দুর্ভাগ্যজনকভাৱে চৰকাৰে এতিয়ালৈকে উক্ত খনন আৰু সৰবৰাহ বন্ধৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

ইয়াৰ পাছতেই বিভিন্ন তথ্য দাঙি ধৰি ২৭ ডিচেম্বৰ ২০১২ তাৰিখে অসম জাতীয় পৰিষদে এক বিশেষ প্ৰতিবেদন দাখিল কৰিছিল। তিনিচুকীয়াৰ জিলা উপায়ুক্ত আৰু মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ ওচৰত আৱেদন দাখিল কৰিছিল এই প্ৰতিবেদন।

জাতীয় পৰিষদে বিবৃতিত কয় যে - টিৰাপ, টিপং আৰু লেখাপানী সংৰক্ষিত বনাঞ্চলৰ অভ্যন্তৰত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰি মাৰ্ঘেৰিটাৰ মহকুমাধিপতিয়ে ০৭-০৮-২০২২ তাৰিখে এক আদেশ জাৰি কৰিছিল৷ সেয়ে সংৰক্ষিত বনাঞ্চলকেইখনত প্ৰৱেশৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ আগতীয়া অনুমতিৰ প্ৰয়োজনা

- এশজনীয়া দলীয় প্ৰতিনিধি গোট আৰু সংবাদ মাধ্যমৰ লোকৰ প্ৰৱেশৰ অনুমতি বিচাৰি কৰা আৱেদনৰ সদুত্তৰ বিচাৰি দলৰ ফালৰ পৰা ধাৰাবাহিক যোগাযোগ কৰি থকাৰ পিছত যোৱা ৭ জানুৱাৰী, ২০২৩ তাৰিখে মাৰ্ঘেৰিটাৰ মহকুমাধিপতিয়ে ডিগবৈৰ ডি এফ অ আৰু মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়াৰ পৰা প্ৰৱেশৰ অনুমতি দিব পাৰি নে নোৱাৰি, সেই সন্দৰ্ভত প্ৰতিবেদন বিচাৰি পত্ৰ প্ৰেৰণ কৰো ৷

তাৰ তিনি দিনৰ মূৰত ১০ জানুৱাৰী, ২০২৩ তাৰিখে মাৰ্ঘেৰিটাৰ মহকুমাধিপতিয়ে আমাৰ দলৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি-সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰি, মাত্ৰ ১০ গৰাকী ব্যক্তিকহে প্ৰৱেশৰ অনুমতি দিয়া বুলিহে অৱগত কৰে৷

প্ৰশাসনৰ উক্ত আচৰণৰ অসম জাতীয় পৰিষদে তীব্ৰ বিৰোধিতা কৰে আৰু দিছপুৰৰ ইংগিতত মাৰ্ঘেৰিটা প্ৰশাসনে কয়লা খনন, মজুতকৰণ আৰু সৰবৰাহৰ গোটেই বিষয়টো গাপ দিয়াৰ উদ্দেশ্যে এনেদৰে বিধিপথালিৰ সৃষ্টি কৰা বুলি মত প্ৰকাশ কৰে।

• ৰাজহুৱা অভিযোগ অনুসৰি, ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ স্বত্বেও জাগুন, টিপং, লিডু, মাৰ্ঘেৰিটা, জিচুবাই কয়লাজান, লার্বো, আর্ধা আদি ঠাইত অবৈধ কয়লাৰ ৰেট-হোল মাইনিং আৰু সৰবৰাহ অব্যাহত আছে।।

আনকি সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভাগত বিভিন্ন ঠাইত কয়লা খনন আৰু মজুতকৰণ (ডিপো) অব্যাহত থকাৰ তথ্য ৰাজহুৱা হৈছে৷ উদাহৰণ স্বৰূপে, টিপং সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন ঠাইত খনন কৰি লাল পাহাৰ নদীৰ ওচৰত ডিপো পাতি অবৈধ কয়লা মজুত কৰি ৰখা হৈছে৷ এই কাৰ্যৰ লগত জড়িতসকলৰ একাংশৰ নামো ফাদিল কৰে জাতীয় পৰিষদে।

কিছু অতিৰিক্ত তথ্য দাখিল কৰে জাতীয় পৰিষদে :

অৰুণাচল প্ৰদেশৰ চাংলাঙৰ ওচৰত ডি জি ছেট বহুৱাই নিশা ভাগতো অবৈধ খনন চলাই থকা হৈছে ৷ খননস্থলীত চি চি কেমেৰা স্থাপন কৰিছো। লিডু ডীপমাইনত এজন লোকৰ ডি জি ছেট আৰু চি চি কেমেৰা সংস্থাপনেৰে কেইবাশ ফুট তলত খনন চলাই থকা হৈছে । সহস্রাধিক শ্রমিক নিয়োজিত হৈ আছে৷ হাজাৰ হাজাৰ মিনি ট্রাক/পিক আপ ভান ব্যৱহাৰ কৰি উক্ত কয়লা সৰবৰাহ কৰি থকা হৈছে৷

কয়লা খননৰ বাবে অসংখ্য ফ'কলেন ব্যৱহাৰ কৰি থকা হৈছে৷

মেঘালয়ৰ পৰা দৈনিক অর্ধশতাধিক অবৈধ কল্পনাভর্তি ট্রাক অসমত প্ৰৱেশ কৰে৷ মেঘালয়ৰ বৰ্ণিহাটৰ পৰা যোৰাবাটৰ মাজত এই ট্রাকসমূহ ৰৈ থাকে আৰু যোৰাবাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ইংগিত পোৱাৰ লগে লগে ট্রাকসমূহ বিশেষকৈ নিশাৰ ভাগত অসমত প্ৰৱেশ কৰে৷ ট্রাকসমূহৰ নম্বৰ আৰক্ষী বিষয়াগৰাকীৰ ৱাটছআপ নম্বৰত অজ্ঞাত উৎসৰ পৰা আহে আৰু তাৰ ভিত্তিত তেওঁ কয়লাৰ ট্ৰাকসমূহ পাৰ কৰায়। বাহু ৰে'ল ষ্টেচনৰ পৰা অবৈধ কয়লাৰ ৰেগ ভৰ্তি হৈ ৰেলযোগে সৰবৰাহ হয়৷

অসম জাতীয় পৰিষড়ে অবৈধ কয়লা খনন আৰু পৰিবহন তৎকালে বন্ধ কৰিবলৈ দাবী জনায় ।

আৰু পঢ়ক: ''মই নহয়, মোলৈ ফোন কৰি নিজৰ পৰিচয় দিছিল অভিনেতা জনে'' পুনৰ মুখ্যমন্ত্ৰীৰ টুইট...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in