তিতাবৰত ৭২৪০টা পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী অজন্তা নেওগৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিতাবৰটো মঙলবাৰে খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অংশ হিচাপে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়

author-image
Asomiya Pratidin
New Update
তিতাবৰত ৭২৪০টা পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী অজন্তা নেওগৰ

ডিজিটেল সংবাদ, তিতাবৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিতাবৰটো মঙলবাৰে খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অংশ হিচাপে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।বিত্তমন্ত্ৰী মন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে বিতৰণ কৰে ৰেচন কাৰ্ড । তিতাবৰৰ ৭২৪০ টা পৰিয়ালক অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে নিজ হাতে বিতৰণ কৰে ৰেচন কাৰ্ড।

Advertisment

আনহাতে উক্ত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান অংশগ্ৰহণ কৰি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰাহুল গান্ধীয়ে উলিওৱা ন্যায় যাত্ৰা সম্পৰ্কত কয়, কন্য়াকুমাৰীৰ পৰা ৰাহুল গান্ধীয়ে উলিওৱা ভাৰত জোড়ো যাত্ৰাই যি দৰে নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছক ধূলিৎসা কৰিলে, ঠিক সেইদৰে মনিপুৰ পৰা গ্ৰহণ কৰা ন্যায় যাত্ৰাই নিৰ্বাচনত কংগ্ৰেছক ধূলিৎসা কৰিব। কাৰণ কংগ্ৰেছ বৰ্তমান ডুৱন্ত নাঁৱৰ দৰে। দীৰ্ঘসময় মই কংগ্ৰেছত থাকি একো নাপাই সেয়া উপলব্ধি কৰিছো। বৰ্তমান বিজেপিত থকা মোৰ দুই বছৰ হ'ল আৰু এই দুই বছৰত আইন মহাবিদ্যালয়, মৰ্ডেল কলেজ,আউনিআটী বিশ্ববিদ্যালয়,১০০খন বিচনাযুক্ত চিকিৎসালয় লগতে বহু প্ৰকল্প আৰু আচনি সুবিধা লাভ কৰিবলৈ সক্ষম হলো ।

Also Read: জামুগুৰিহাটৰ চৈবাৰীত ৰাইছ মিল ইণ্ডাষ্ট্ৰি উদ্ধোধন বিধায়ক পদ্ম হাজৰিকাৰ

bjp