ভয়াৱহভাৱে প্ৰদূষিত গুৱাহাটীৰ বায়ুমণ্ডল...

ধূলিয়ে আৱৰা মহানগৰী
ধূলিয়ে আৱৰা মহানগৰী

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীত ভয়াৱহভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণ । বিগত প্ৰায় দুসপ্তাহ ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণ সূচাংক 'অতি বেয়া' অৰ্থাৎ ৩৫০-৩৬০ লৈকে বৃদ্ধি পাইছে । অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সদৰী কৰিছে এই উদ্বেগজনক তথ্য । গুৱাহাটীত বায়ু প্ৰদূষণ সূচাংক ৪০০ৰ ওপৰত গ'লেই বিপজ্জনক সীমা অতিক্ৰম কৰিব ।

মহানগৰীৰ বায়ু প্ৰদূষণ ৰোধৰ বাবে এতিয়া প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, জিলা প্ৰশাসন, বন বিভাগ, পৰিবহন বিভাগকে ধৰি মুঠ ১১টা বিভাগ উঠি-পৰি লাগিছে । বিশেষকৈ মহানগৰীত জধে-মধে চলি থকা নিৰ্মাণকাৰ্যৰ ফলতে অভাৱনীয়ভাৱে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে । গুৱাহাটীৰ জু-ৰোড, মালিগাঁও আদিত দীৰ্ঘদিন ধৰি চলি অহা উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্যৰ পৰা সৃষ্টি হোৱা ধূলিয়ে বায়ু প্ৰদূষণ বৃদ্ধিত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে । তদুপৰি পানীৰ পাইপ বহুৱাৰ নামত খন্দা বাট-পথৰ ধূলি তথা অত্যাধিক হাৰত চলাচল কৰা যান-বাহনৰ পৰা নিৰ্গত ধোঁৱাৰ লগতে কল-কাৰখানাৰ ধোঁৱাই মহানগৰীৰ আকাশ কলুষিত কৰি আহিছে ।

উল্লেখ্য যে, মহানগৰীৰ বায়ু প্ৰদূষণ সূচাংক আৰু মাত্ৰ ৪০-৫০ বৃদ্ধি পালেই বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাও ব্যক্ত কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে । এতিয়া মহানগৰীত অপেক্ষা মাথো এজাক বৰষুণৰ, অন্যথা অনাগত দিনত আৰু অধিক শোচনীয় পৰিস্থিতিৰ সন্মুখীন হ'ব মহানগৰবাসী ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in