ৰাইজৰ উপস্থিতিয়ে কয় বিজেপিৰ জয় নিশ্চিতঃ আইমী বৰুৱা

ৰাইজৰ উপস্থিতিয়ে কয় বিজেপিৰ জয় নিশ্চিতঃ আইমী বৰুৱা

author-image
Asomiya Pratidin
New Update
ৰাইজৰ উপস্থিতিয়ে কয় বিজেপিৰ জয় নিশ্চিতঃ আইমী বৰুৱা

ডিজিটেল সংবাদ, জাগীৰোডঃ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান। মঙলবাৰে নগাঁও লোকসভাৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ কেইবাখনো নির্বাচনী সভাত প্ৰচাৰ চলাই জনপ্ৰিয় অভিনেত্ৰী তথা মন্ত্ৰী পীযুষ হাজৰীকাৰ সহধৰ্মিনী আইমী বৰুৱাই।

Advertisment

বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থকাৰ পৰিপ্ৰেক্ষিত নিজৰ সমষ্টিত মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত থাকিব পৰা নাই। নিজৰ সমষ্টিত মন্ত্ৰীগৰাকী অনুপস্থিত যদিও জাগীৰোডৰ ৰাইজে নিজাববীয়াকৈ সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰা পৰিলক্ষিত হৈছে।

ইপিনে, প্ৰতিখন নিৰ্বাচনী সভাত উপস্থিত থাকি আইমী বৰুৱাই ৰাইজক উদ্দেশ্যি কয় যে জাগীৰোড সমষ্টিৰ প্ৰতিগৰাকী ব্যক্তি আমাৰ পৰিয়ালৰ সদস্য। কেৱল নিৰ্বাচন বুলি নহয়, পৰিয়ালটোৰ কাষত সদায় থাকিবলৈ চেষ্টা কৰো। সুখে -দুখে এওঁলোকৰ ওচৰত থাকিবলৈ আমি যত্ন কৰো । কেৱল অভিনেত্ৰী বুলিয়ে নহয় তেওঁলোকে মোক নিজৰ ছোৱালী-বোৱাৰীৰ দৰে মৰম কৰে। তেওঁলোকৰ এই মৰমৰ বাবেই এটা পৰিয়াল হৈ থাকিম।

বিগত সময়ছোৱাত মন্ত্ৰী পীযুষ হাজৰিকাই সমষ্টিৰ লগতে অসমৰ ৰাইজৰ বাবে দিনে-নিশাই কাম কৰাৰ বাবেই সমষ্টিৰ ৰাইজ আজি ওলাই আহিছে। এইদৰে ৰাইজ ওলাই অহাটোৱেই বিজেপিৰ জয় নিশ্চিত কৰে। তদুপৰি তেওঁ দেশৰ উন্নয়নৰ অবিৰত যাত্ৰা যাতে স্থৱিৰ নহয় তাৰ বাবে সুৰেশ বৰাক ভোট দিবলৈ ৰাইজক আহ্বান জনায় ।

তদুপৰি অভিনেত্ৰী গৰাকীয়ে সভাত কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা অবিৰত উন্নয়নৰ ধাৰাৰ বাবেই ৰাইজে বিজেপিক বিপুল ভোটত জয়ী কৰাব। আনহাতে, ভাষণ প্ৰসংগত বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই কয় যে চৌদিশে হোৱা উন্নয়নৰ এই যাত্ৰাৰ বাবে সকলোয়ে বিজেপিত ভোট দিব লাগে আৰু নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিব লাগে।

জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বহা-বৰজাৰী, জাগী-ভকতগাঁ‌ও, ঘগুৱা, গড়মাৰী, এজাৰবাৰী, মাণিপুৰ আৰু দীঘলবড়ী পঞ্চায়তত অনুষ্ঠিত হোৱা প্ৰচাৰ সভাত বিজেপি প্ৰাৰ্থী গৰাকীক সংগ দিয়ে বিজেপিৰ জাগী-ভকতগাঁও মণ্ডলৰ সভানেত্ৰী মল্লিকা বৰদলৈ, মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সহায়ক ক্ৰমে অপূৰ্ব ডেকা ,দেৱাশীষ বৰুৱা আৰু বিজেপি দলৰ জাগীৰোড সমষ্টিৰ প্ৰভাৰী দিব্যজ্যোতি মেধিয়ে ।

Also Read: নিৰাপত্তাৰক্ষীৰ গুলীত মাওবাদীৰ শীৰ্ষ নেতা নিহত, প্ৰায় ১৮ জনৰ মৃতদেহ উদ্ধাৰ

loksabha election bjp