বিহুৰ সময়ত ৰাজ্যবাসীলৈ বহু উপহাৰ! মুকলি হ'ব এইমছ আৰু...

এপ্ৰিলত মুকলি হ'ব ৰাজ্যৰ বহু প্ৰতিক্ষিত চিকিৎসানুষ্ঠান এইমছ। বৃহস্পতিবাৰে এই কথা জনালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বিহুৰ সময়ত ৰাজ্যবাসীলৈ বহু উপহাৰ! মুকলি হ'ব এইমছ আৰু...

ডিজিটেল ডেস্কঃ এপ্ৰিলত মুকলি হ'ব ৰাজ্যৰ বহু প্ৰতিক্ষিত চিকিৎসানুষ্ঠান এইমছ। বৃহস্পতিবাৰে এই কথা জনালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে প্রায় ৯০ শতাংশ কাম সম্পূৰ্ণ চাংসাৰীত নিৰ্মাণ হৈ থকা এইমছৰ।

মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি ১৪ এপ্রিলত প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে মুকলি কৰিব এইমছ। আজি এইমছৰ নিৰ্মাণ কাৰ্যৰ বুজ ল’ব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। এইমছৰ নিৰ্মাণস্থলীত উপস্থিত হয় স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত।

এইমছত ১৮টা বিভাগৰ কাম প্রায় সম্পূৰ্ণ হৈছে। ৭৫০খন বিচনাযুক্ত চিকিৎসালয়খনত ১৫০খন বিছনা কাৰ্যক্ষম হৈছে। বৰ্তমানো চিকিৎসালয়খনত OPD সেৱা কৰি থকা হৈছে। আনহাতে চিকিৎসালয়খনত তিনিটা একাডেমীক বৰ্ষৰ পাঠদান চলি আছে।

উল্লেখ্য যে, এপ্ৰিলত কেইবাটাও কাৰ্যসূচী লৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী। এইমছ মুকলি কৰাৰ লগতে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বিহুৰ কাৰ্যক্ৰমতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

১৪ এপ্ৰিলৰ বিহু কাৰ্যসূচীত সৰু সজাইত ১১ হাজাৰ নাচনীয়ে বিহু নাচিব। ইয়াৰ দ্বাৰা গিনিজ ৱাৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। গতিকে বিহুৰ সময়ত অসমৰ ৰাইজে কেইবাটাও ভাল খবৰ লাভ কৰাৰ পথত।

বিহুৰ সময়ত ৰাজ্যবাসীলৈ বহু উপহাৰ! মুকলি হ'ব এইমছ আৰু...
২০২২ চনৰ পৰা অবিৰত যাত্ৰা! কন্যাকুমাৰীৰ পৰা চাইকেলৰে আহি লামডিঙত প্ৰকৃতি প্ৰেমী ৰবীন সিং

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in