২০২২ চনৰ পৰা অবিৰত যাত্ৰা! কন্যাকুমাৰীৰ পৰা চাইকেলৰে আহি লামডিঙত প্ৰকৃতি প্ৰেমী ৰবীন সিং

দক্ষিন ভাৰতৰ পৰা চাইকেলেৰে আহি লামডিঙত উপস্থিত হ'লহি এজন প্ৰকৃতিপ্ৰেমী যুৱক ৷ যুৱকজনৰ লক্ষ্য প্ৰদূষণ মুক্ত ভাৰত গঢ়া ৷
২০২২ চনৰ পৰা অবিৰত যাত্ৰা! কন্যাকুমাৰীৰ পৰা চাইকেলৰে আহি লামডিঙত প্ৰকৃতি প্ৰেমী ৰবীন সিং

ডিজিটেল সংবাদ, লামডিংঃ দক্ষিন ভাৰতৰ পৰা চাইকেলেৰে আহি লামডিঙত উপস্থিত হ'লহি এজন প্ৰকৃতিপ্ৰেমী যুৱক ৷ যুৱকজনৰ লক্ষ্য প্ৰদূষণ মুক্ত ভাৰত গঢ়া ৷ সুদুৰ কন্যাকুমাৰীৰ পৰা চাইকেলৰে ভাৰত ভ্ৰমণৰ যাত্ৰা কৰি অৱশেষত অসম পালেহি উত্তৰ প্ৰদশৰ ৰবীন সিং নামৰ যুৱকজন ৷

৬ অক্টোবৰ ২০২২ত কন্যাকুমাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰি দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বৃহস্পতিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকৃতিৰ মাজে মাজে আহি লামডিঙ উপস্থিত হয়।

লামডিঙত বিভিন্ন দল সংগঠনে যুৱক জনক সম্বোধন জনায় ৷ লামডিংত উপষ্ঠিত হৈ তেওঁ লামডিং মহাবিদ্যালয়ৰ লগতে লামডিং সচেতন ৰাইজক প্ৰকৃতিক ৰক্ষা কৰিবলৈ সজাগতা কৰে ৷ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য আন ৰাজ্যতকৈ অলপ বেলেগ যদিও ৰাস্তাই ঘাটে দেখা গ'ল প্লাষ্টিকৰ জাৱৰ ৷ পৃথিৱীখন সুৰক্ষিত কৰিবলৈ হ'লে প্লাষ্টিক বৰ্জন কৰি এক সুস্থ বাতাবৰন দিব লাগে বুলি তেওঁ কয়।

২০২২ চনৰ পৰা অবিৰত যাত্ৰা! কন্যাকুমাৰীৰ পৰা চাইকেলৰে আহি লামডিঙত প্ৰকৃতি প্ৰেমী ৰবীন সিং
পৰকীয়া প্ৰেমৰ বাবে হত্যাকাণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in