AIDC ৰ উপ-মহাপ্ৰবন্ধক অমিতাভ শইকীয়াক নিলম্বন...

AIDC ৰ উপ-মহাপ্ৰবন্ধক অমিতাভ শইকীয়াক নিলম্বন...

author-image
Asomiya Pratidin
New Update
কোলাপথাৰ লখিমীনগৰত গাঁও উন্নয়ন সমিতি গঠন...

AIDC ৰ উপ-মহাপ্ৰবন্ধক অমিতাভ শইকীয়াক নিলম্বন...

ডিজিটেল ডেস্কঃ কৰ্তব্যত গাফিলতি কৰাৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগম চমুকৈ এ আই ডি চিৰ কাৰিকৰী শাখাৰ উপ-মহাপ্ৰবন্ধক অমিতাভ শইকীয়াক নিলম্বন কৰা হৈছে। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁক নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, পূৰ্বেও এইগৰাকী বিষয়াক মন্ত্ৰী বিমল বৰাই ধমক দিয়াৰ লগতে সকিয়নী প্ৰদান কৰিছিল। গোলাঘাট জিলাৰ খুমটাইত নিৰ্মাণ কৰি থকা আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ নিৰ্মাণৰ কামত অধিক লেহেমীয়া হোৱাৰ বাবে তেওঁক মন্ত্ৰীগৰাকীয়ে সকিয়াইছিল।

অক্টোবৰ মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল যদিও সেয়া হৈ নুঠিল। সেয়ে তেওঁক কৰ্তব্যত গাফিলতি কৰাৰ বাবে তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে।

Also Read: ASRLM ৰ দুৰ্নীতি ঢাকিবলৈ সভা পাতি সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰাৰ উচটনি বিজেপি নেত্ৰীৰ...

বিমল বৰা এ আই ডি চি