ASRLM ৰ দুৰ্নীতি ঢাকিবলৈ সভা পাতি সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰাৰ উচটনি বিজেপি নেত্ৰীৰ...

ASRLM ৰ দুৰ্নীতি ঢাকিবলৈ সভা পাতি সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰাৰ উচটনি  বিজেপি নেত্ৰীৰ...
ASRLM ৰ দুৰ্নীতি ঢাকিবলৈ সভা পাতি সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰাৰ উচটনি বিজেপি নেত্ৰীৰ...

ডিজিটেল সংবাদ গহপুৰ: গহপুৰ মহকুমাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ হেলেম মণ্ডল পৰ্যায়ৰ সংগঠনৰ একাধিক দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিছত এতিয়া সাংবাদিকৰ কলম বন্ধ কৰিবলৈ আইনী ভয় দেখুৱাইছে উক্ত সংগঠনৰ কাৰ্য্যকৰী কমিটিখনৰ কেইগৰাকীমান বিষয়ববীয়াই। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিৰূদ্ধে আইনী ভাবুকি দিয়া এই নিকৃষ্ট কাৰ্য্যত হাত উজান দিছে ছয়দুৱাৰ অঞ্চলৰ "বৰদলৈ" উপাধীৰ এগৰাকী বিজেপি নেত্ৰীয়ে।

জানিব পৰামতে হেলেম মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ বিৰুদ্ধে ধাৰাবাহিকভাবে বাতৰি প্ৰকাশ পোৱাৰ পিছত এতিয়া থৰকাছুটি হেৰুৱাইছে কাৰ্য্যকৰী কমিটিখনৰ বিষয়ববীয়াই। কমিটিখনে এতিয়া নিজকে ধোঁৱা তুলশীৰ পাত সজাবলৈ সভাৰ উপৰি সভা পাতি ত'ত নোপোৱা হৈছে।

যোৱা ১৪ ডিচেম্বৰত তেওঁলোকে চনমাৰীত থকা নিজা কাৰ্য্যলয়ত ততাতৈয়াকৈ এখন সভা আহ্বান কৰে। যিখন সভালৈ বিশিষ্ট অতিথিৰ দৰে নিমন্ত্ৰণ কৰি আনে "বৰদলৈ" উপাধিৰ ছয়দুৱাৰ বিজেপি নেত্ৰীগৰাকীক।

যিহেতু উক্ত বিজেপি নেত্ৰীগৰাকীৰ অসম ৰাজ্যিক জীৱিকা অভিযানৰ হেলেম মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ লগত কোনোধৰণৰ সম্পৰ্ক নাই,তেনেক্ষেত্ৰত সভাখনত নেত্ৰীগৰাকীক দেখি একাংশ সদস্যা, কেডাৰ আৰু ভি.অ' আচৰিত হৈছিল যদিও পিছত তেওঁলোকে জানিব পাৰে যে সাংবাদিকৰ বিৰুদ্ধে কেনেকৈ গোচৰ তৰি সাংবাদিকৰ কলম বন্ধ কৰিব সেই বিষয়ে ভাষণ দিবলৈ নেত্ৰীগৰাকীক সভাখনলৈ মাতি অনা হৈছে।

এইক্ষেত্ৰত সভাত উপস্থিত একাংশ সদস্যা, কেডাৰ আৰু ভি.অ'ই সংবাদ মাধ্যমৰ আগত এই বিষয়ে জানিবলৈ দি কয় যে-সভাখনত বিজেপি নেত্ৰী বৰদলৈয়ে বাতৰি লিখা সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰিবলৈ ভাষণৰ জৰিয়তে উচটনি দি কেইবছৰমানৰ আগতে তেওঁ কেনেকৈ কেইবাজনো সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰিছিল তাৰ উদাহৰণ ডাঙি ধৰে।

আনকি বিজেপি নেত্ৰীগৰাকীয়ে এইবুলিও কয়- সাংবাদিকৰ ওপৰত পূৰ্বতে গোচৰ তৰাৰ কাৰণেই এতিয়া তেওঁৰ পঞ্চায়তৰ বিৰুদ্ধে আঁক এটাও মাৰিবলৈ সাহ নকৰে সাংবাদিকে। এগৰাকী পঞ্চায়ত সভানেত্ৰী হোৱাৰ উপৰিও বিজেপি দলটোত এগৰাকী নেত্ৰী হিচাপে প্ৰভাৱ খটাই অহা বৰদলৈৰ এই উচটনিৰ বিষয়ে সভাগৃহৰ পৰা গহপুৰৰ একাংশ সাংবাদিকৰ মাজলৈ তথ্য সহকাৰে উক্ত বিষয়টো বিয়পি পৰাৰ পিছত এতিয়া গহপুৰৰ সাংবাদিকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এটা স্বচ্ছ আৰু নিকা দল বুলি পৰিচয় দিয়া বিজেপি দলটোৰ নেত্ৰীগৰাকীয়ে সকলো সীমা চেৰাই গৈ সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰিবলৈ উচটনি দিয়া কাৰ্য্যৰ বিৰুদ্ধে সদৌ অসম সাংবাদিক সন্থা, বিশ্বনাথ জিলা সাংবাদিক সন্থা, গহপুৰ মহকুমা সাংবাদিক সন্থা, গহপুৰ মহকুমা প্ৰেছ গ্লীড,হেলেম প্ৰেছ ক্লাৱ, বাৰ্তা জীৱি সংঘ, সাংবাদিক ঐক্য মঞ্চ, সাংবাদিক সুৰক্ষা মঞ্চ আদি বিভিন্ন সাংবাদিক সংগঠনে তীব্ৰ প্ৰতিবাদ জনাই এই বিষয়টো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে- ২০১৯ চনৰ পৰা একেখন কাৰ্য্যকৰী কমিটীৰ দ্বাৰা পৰিচালিত হৈ অহা হেলেম মণ্ডল পৰ্য্যায়ৰ কমিটিখনে বাৰ্ষিক সভা অনুষ্ঠিত নকৰা, হিচাপ পৰীক্ষাৰ ব্যৱস্থা নকৰা, যোৱা ২১ নবেম্বৰত কৌশলগভাবে ভোট দানৰ প্ৰক্ৰিয়াৰে পুনৰ আগৰ কমিটীখনকে বাহাল ৰখা, মহিলা বজাৰ আৰু বিকলাংগ স্কুল স্থাপন কৰি আধাতে বন্ধ কৰি দিয়া, নৱগঠিত সমবায় সমিতিখনত গ্ৰাম্য সংগঠনক গুৰুত্ব নিদি কৌশলগতভাবে চি এল এফৰ কমিটিখনকে বাহাল ৰখা আদি একাধিক অভিযোগৰ সন্দৰ্ভত ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

যিসমূহ অভিযোগ সংবাদ মাধ্যমৰ আগত মুকলিকৈ প্ৰকাশ কৰিছে একাধিক সদস্যা,কেডাৰ আৰু গ্ৰাম্য সংগঠনৰ বিষয়বববীয়াই। কাৰ্য্যকৰী কমিটিখনৰ কাৰ্য্যত অসন্তুষ্ট হৈ সংবাদ মাধ্যমৰ কাষ চপা প্ৰতিবাদী সদস্যাসকলৰ অভিযোগৰ ভিত্তিত প্ৰকাশ পোৱা বাতৰিৰ পিছত কাৰ্য্যকৰী কমিটিখনে সংস্কাৰ মুখী কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰা আৰু অসন্তুষ্ট সদস্যা, কেডাৰ আৰু গ্ৰাম্য সংগঠনৰ বিষয়ববীয়াক আস্বত্ব কৰিবলৈ প্ৰয়াস কৰাৰ পৰিবৰ্তে সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰিবলৈ কৌশল তৈয়াৰ কৰা কাৰ্য্যই তেওঁলোকৰ মনত "বিনাশ কালে বিপৰীত বুদ্ধি"ৰ উকমুকনি ঘটা বুলি সচেতন ৰাইজে মন্তব্য কৰিছে।

উল্লেখযোগ্য যে ২০১৯ চনৰ পৰা এতিয়ালৈকে উক্ত কাৰ্য্যকৰী কমিটীখনৰ অধীনত ৰূপায়ণ হোৱা বিভিন্ন চৰকাৰী আঁচনিৰ সৱিশেষ তথ্য আৰু উক্ত কমিটিখনে বিভাগীয় গাইডলাইন মতে কাম কাজ ৰূপায়ণ কৰিছেনে নাই তাৰ সৱিশেষ তথ্য, হিতাধিকাৰী নিৰ্বাচন কৰাৰ প্ৰণালী, বাৰ্ষিক সভা আৰু বাৰ্ষিক অডিট সম্পৰ্কে তথ্য জনাৰ অধিকাৰ আইন-২০০৫ৰ অধীনত তথ্য সংগ্ৰহ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ৰাইজৰ স্বাৰ্থত এই তথ্যসমূহ ধাৰাবাহিক ভাবে প্ৰকাশ কৰিবলৈ বদ্ধ পৰিকৰ সংবাদ মাধ্যম। জানিব পৰামতে বাতৰি প্ৰকাশ পোৱাৰ পিছতহে এতিয়া বাৰ্ষিক সভা পাতিবলৈ খৰধৰ লগাইছে কাৰ্য্যকৰী কমিটিখনে।

সেই অনুসৰি, অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰিব হেলেম মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ বাৰ্ষিক সভা। বহুতেই ২০১৯ চনৰ পৰা একাদিক্ৰমে চলি থকা কমিটীখন ভংগ কৰি নতুন কাৰ্য্যকৰী কমিটি গঠন কৰাৰ দাবী উথাপন কৰিছে।

ASRLM ৰ দুৰ্নীতি ঢাকিবলৈ সভা পাতি সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰাৰ উচটনি  বিজেপি নেত্ৰীৰ...
আলফাৰে শান্তি চুক্তিৰ খচৰা প্ৰস্তুতঃ মুখ্যমন্ত্ৰীয়ে ক'লে- 'পৰেশ বৰুৱাৰ সৈতে কথা পাতিয়েই থাকো'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in