আঠখেলীয়া সৰু কছাৰী গাঁৱত কৃষি বিভাগৰ কৰ্মশালা সম্পন্ন

আঠখেলীয়া সৰু কছাৰী গাঁৱত কৃষি বিভাগৰ কৰ্মশালা সম্পন্ন

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাৰ পদুমনী উন্নয়ন খণ্ডৰ অন্তৰ্গত সৰু কছাৰী গাঁৱত মঙলবাৰে 'চাউলৰ গুণগত মানদণ্ড' সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হয়। এপাৰ্তৰ উদ্যোগত জিলা কৃষি বিভাগে আয়োজন কৰা কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহন কৰে মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱাই ।

তেওঁ সৰু কছাৰী গাঁৱৰ কৃষকসকলক চাউলৰ ব্ৰেণ্ডিং, মানদণ্ড নিয়ন্ত্ৰণ, চাউলৰ বজাৰ সংযোগৰ ব্যৱস্থাপনা আদি বিষয়ত বিশদভাৱে আলোচনা কৰে। আঠখেলীয়া এগ্র' ফাৰ্মাৰ প্রদুচৰ কোম্পানীৰ সহযোগত অনুষ্ঠিত কৰা কৰ্মশালা খনত আন্তৰাষ্ট্ৰীয় ধান গৱেষনা প্ৰতিষ্ঠানৰ ধান বিশেষজ্ঞ সৌৰজ্যোতি বৈশ্য উপস্থিত থাকি ধানৰ আদ্ৰতা, ধান খেতিৰ উৎপাদন বৃদ্ধি, কৃষি যান্ত্ৰীকৰণ, ধানৰ গুণগত মান, ধানৰ মূল্য সংযোজক আদি বিষয়ত বক্তব্য প্ৰদান কৰে।

আজিৰ এই কৰ্মশালাখনিত ধান খেতিৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত কৰ্মসূচী বিষয়া ড০ অমৰজিত শইকীয়াই কৃষকসকলৰ সৈতে মত বিনিম়য় কৰে। আজিৰ কৰ্মশালাখনৰ অন্তত ভ্ৰাম্যমাণ ধান বনা কলত কি দৰে ধান বনোৱা হয় এই সন্দৰ্ভত খেতিয়কসকলক কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে আজিৰ এই সভাত জিলা কৃষি বিভাগৰ হৈ সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়া, সামাজিক ক্ষেত্ৰ ততাধায়ক ময়ুৰি বৰা, ব্লক টেকনলজি মেনেজাৰ আব্দুছ ছালাম আৰু মৌচমজ্যোতি দত্ত উপস্থিত থাকে। আজিৰ কৰ্মশালা খনত প্ৰায় অৰ্ধ শতাধিক কৃষকে অংশগ্ৰহন কৰে বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in