ৰাভা হাছং পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা আৰছুৰ

author-image
Asomiya Pratidin
New Update
ৰাভা হাছং পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা আৰছুৰ

ডিজিটেল সংবাদ,দুধনৈ : পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণ আৰু ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা নিখিল ৰাভা ছাত্ৰ সন্থা চমুকৈ আৰছুকে ধৰি ষষ্ঠ অনুসূচী দাবী সমিতি আৰু নিখিল ৰাভা মহিলা পৰিষদৰ ।

Advertisment

মঙলবাৰে দুধনৈস্থিত নিখিল ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলযোগে তিনি ৰাভা জাতীয় সংগঠন আৰছু,ষষ্ঠ অনুসূচী দাবী সমিতি আৰু নিখিল ৰাভা মহিলা পৰিষদে যৌথভাবে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে । অহা ৩ মাৰ্চৰ পৰা ১২ এপ্ৰিল লৈ ঘোষিত কাৰ্যসূচী অনুসৰি অহা ৩ মাৰ্চত দুধনৈ জনমন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা,ৰাভা মহিলা পৰিষদ,ষষ্ঠ অনুসূচী দাবী সমিতিৰ যৌথ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়াৰ সৈতে যুটীয়া সাংগঠনিক সভা ।

একেদৰে ৪ মাৰ্চত বকোৰ সব্যসাচী ৰাভা সমন্বয় ক্ষেত্ৰত কামৰূপ জিলা তিনি ৰাভা জাতীয় সংগঠন আৰু কেন্দ্ৰীয় বিষয় ববীয়াৰ যুটীয়া সাংগঠনিক সভা । ১৩ মাৰ্চত গোৱালপাৰা জিলাৰ দুধনৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু অন্যান্য জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।

১৭ মাৰ্চত প্ৰতিটো আঞ্চলিক পৰ্যায়ত উলিওৱা হ'ব জোঁৰ সমদল । ২৯ মাৰ্চত গোৱালপাৰা জিলাৰ দুধনৈৰ পৰা ধূপধৰা আৰু কামৰূপ জিলাৰ বকোৰ পৰা ধূপধৰালৈ পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।

ইপিনে অহা ৩ এপ্ৰিলত দুধনৈ ৰাজহুৱা খেলপথাৰত বিশাল গণ সমাবেশ আৰু ১২ এপ্ৰিলত বকো ৰাজহুৱা খেল পথাৰত বিশাল গণ সমাবেশ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি সংবাদ মেল যোগে ঘোষণা কৰে । ইয়াৰ পাছতো যদি চৰকাৰৰ গা নলৰে, তেনেহ'লে আগন্তুক লোক সভা নিৰ্বাচনত চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ দিয়ে তিনি ৰাভা সংগঠনে।

আনহাতে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দাই কয় "কেন্দ্ৰীয় চৰকাৰে ৰাভা হাছং এলেকাৰ পৰা বনজ সম্পদ সমূহৰ পৰা কেৱল কোটি কোটি টকা ৰাজহ হে সংগ্ৰহ কৰি আছে ; কিন্ত ৰাভা হাছঙৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে আজিলৈকে আমাৰ ন্যায্য প্ৰাপ্য ষষ্ঠ অনুসূচী আমাক প্ৰদান কৰা নাই। তদুপৰি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ খনক যিমান খিনি পুজিৰ আবণ্টন দিব লাগে সেয়াও দিয়া নাই" বুলি ক্ষোভ প্ৰকাশ কৰে আৰছুৰ নেতাগৰাকীয়ে ।

আজিৰ সংবাদ মেলত আৰছুৰ সভাপতি নৃপেন খান্দা, সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা,নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা,সাধাৰণ সম্পাদিকা কবিতা ৰাভা,ষষ্ঠ অনুসূচী দাবী সমিতিৰ সম্পাদক দশানন ৰাভা আৰু মুখ্য সম্পাদক অশোক ৰাভাৰ লগতে তিনিওটা সংগঠনৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।

আৰু পঢ়কঃ চতিয়াত বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত ছহিদ বেদী উন্মোচন

sixth schedule Rabha Hasong Parishad