চৰাইদেউ নিমনাগড়ত কৃষি বিভাগৰ আলু বীজ বিতৰণ

চৰাইদেউ নিমনাগড়ত কৃষি বিভাগৰ আলু বীজ বিতৰণ

author-image
Asomiya Pratidin
New Update
চৰাইদেউ নিমনাগড়ত কৃষি বিভাগৰ আলু বীজ বিতৰণ

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত নিমনাগড়ত নিমনাগড় কৃষি উন্নয়ন চক্ৰ অধীনস্থ ৪খনকৈ গাঁও পঞ্চায়তত বৃহস্পতিবাৰে কৃষি বিভাগৰ জৰিয়তে উন্নত মানৰ আলুৰ বীজ বিতৰণ কৰা হয়। কৃষি উন্নয়ন চক্ৰটোৰ অন্তৰ্গত কেইবাটাও গোটৰ লগতে চহা ৰাইজক উন্নতমানৰ আলুৰ বীজ বিতৰণ কৰা হয়।

Advertisment

বিশেষকৈ উন্নয়ন চক্ৰটোৰ অধীনস্থ নিমনাগড়,হলৌফুকন,চলাপথাৰ আৰু চৰাইদেউ গাঁও পঞ্চায়ত এলেকাৰ গাঁৱৰ কৃষকসকলৰ মাজত এই উন্নতজাতৰ বীজ বিনামূলীয়াকৈ বিতৰণ কৰা বুলি জানিবলৈ দিয়ে সহকাৰী কৃষি পৰিদৰ্শনক দিগন্ত চেতিয়াই ৷ আজি প্ৰায় ২৫০ বেগ আলু বিতৰণ কৰি চেতিয়াই এই আলুৰ বীজৰ জৰিয়তে কৃষকসকলে প্ৰচুৰ আলু উৎপাদন কৰি আত্মনির্ভৰশীল হোৱাৰ পথ প্ৰশস্ত হ'ব বুলি কৃষি বিষয়াসকলে মত ব্যক্ত কৰে।

Also Read: ডাক বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত শিলচৰত সজাগতা সভা

charaideo agriculture department