/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e6854f68-96a5-4394-854e-3d2e4fb3da99/bora_da.jpg)
মিডিয়া এক্সপাৰ্টকে ধৰি কৃষি বিভাগৰ শতাধিক ঠিকা ভিত্তিক কৰ্মচাৰীয়ে পোৱা নাই ৫ মাহে দৰমহা...
ডিজিটেল ডেস্ক: ৰাজ্যৰ কৃষি বিভাগে বিভাগটোৰ কাম-কাজ সৰ্বসাধাৰণৰ মাজলৈ লৈ যোৱাৰ মানসৰে নিযুক্তি দিছিল ৩৫ গৰাকী মিডিয়া এক্সপার্ট। বর্তমান কৃষি বিভাগত ঠিকাভিত্তিক নিয়োজিত এইসকল বিষয়াই কৃষি বিভাগৰ বিভিন্ন আঁচনি,তথ্য সৰ্বসাধাৰণৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
৩৫ জন মিডিয়া এক্সপাৰ্টৰ ভিতৰত ৩জনক কৃষি বিভাগৰ মুখ্য কাৰ্যালয়ত আৰু ৩২জনক জিলা কৃষি বিভাগৰ কাৰ্যালয়ত নিযুক্তি দিয়া হৈছে। মাত্র ২৫ হাজাৰ টকাৰ দৰমহাৰ বিনিময়ত বিভাগটোৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ আঁচনিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত দায়িত্ব পালন কৰা এই মিডিয়া এক্সপার্টসকলৰ দৰমহা ৪০ হাজাৰ টকালৈকে বৃদ্ধিৰ এক প্ৰস্তাৱ বিভাগীয়াভাৱে লোৱা হৈছিল।
প্রথম ৬ মাহ ২৫ হাজাৰকৈ দৰমহা পোৱা মিডিয়া এক্সপার্টসকলৰ দৰমহা বৃদ্ধিৰ ফাইল বিভাগটোৰ সঞ্চালকৰ কাৰ্যালয়তে পৰি থকিল। পৰৱৰ্তী সময়ত এই ফাইল বিত্ত বিভাগলৈ প্ৰেৰণ কৰাৰ কথা আছিল যদিও যোৱা ৫ মাহে মিডিয়া এক্সপার্টসলকলে বর্ধিত দৰমহা নাপালেই, বৰঞ্চ পূৰ্বৰ ২৫ হাজাৰ টকীয়া দৰমহাৰ পৰাও বঞ্চিত হৈ আছে।
উল্লেখযোগ্য যে, এই মিডিয়া এক্সপার্টসকলৰ লগতে কৃষি বিভাগে একে সময়তে নিযুক্তি দিছিল ৩৫ জন প্রগ্রেম অফিচাৰ, ৩৩জন গাণনিকক। লক্ষ্যণীয় কথাটো হ'ল সেইসকল বিষয়াৰো দৰমহা তমাহ ধৰি বন্ধ হৈ আছে।
কৃষি মন্ত্ৰী অতুল বৰাই এই ক্ষেত্ৰত কোনো উদ্যোগ নোলোৱাৰ অভিযোগ উঠিছে। আন চৰকাৰী কৰ্মচাৰীৰ দৰে সকলো সা-সুবিধা লাভ নকৰা এইসকল মিডিয়া এক্সপার্ট তথা কৃষি বিভাগৰ ঠিকাভিত্তিক নিযুক্ত বিষয়াই এতিয়া প্ৰাপ্য দৰমহা কেইটাৰ পৰা বঞ্চিত হৈ আছে। যোৱা সোমবাৰে কৃষিমন্ত্ৰী অতুল বৰাকো সাক্ষাৎ কৰিছিল তেওঁলোকে।
কিন্তু বিভাগীয় মন্ত্ৰীগৰাকীয়ে তেওঁলোকক কোনো উত্তৰ দিব পৰা নাই। ইতিমধ্যএ দৰমহা অনমিয়মীয়া হোৱাৰ বাবে ৩ জনকৈ কৃষি বিভাগৰ মেডিয়া এক্সপাৰ্টে এৰিছে চাকৰি।
Also Read: পলিটিকেল হাবত পৰিণত কোকৰাঝাৰঃ কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী...