ঢকুৱাখনাত অগপৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক সাংগঠনিক সভা

ঢকুৱাখনাত অগপৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক সাংগঠনিক সভা

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত অগপৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক সাংগঠনিক সভা

ডিজিটেল সংবাদ, ঢকুৱাখনা: সমাগত লোকসভাৰ সাধাৰণ নিৰ্বাচন। ৰাজ্যখনৰ আকাশ বতাহ নাগৰিকত্ব সংশোধনী আইনৰ  লগতে শাসক গোষ্ঠী বিৰোধী শ্লোগানেৰে মুখৰিত হৈ আহিছে।ঢকুৱাখনাতো মঙলবাৰে বিভিন্ন দল সংগঠনে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে মঙলবাৰে আঞ্চলিক দল অসম গণ পৰিষদৰ এখন সাংগঠনিক  সভা অনুষ্ঠিত হয়।

Advertisment

অসম গণ পৰিষদৰ ঢকুৱাখনা বিধান পৰিষদৰ মুখ্য কাৰ্যালয় সমন্বয় ভৱন প্ৰাঙ্গনত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ দলীয় সভা। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ঢকুৱাখনা বিধানসভা সমষ্টিৰ ২২ খন আঞ্চলিক সমিতিৰ দলীয় বিষয়ববীয়া আৰু পৰ্যবেষক সকল উপস্থিত থাকে সভাত।ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি মহেশ দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক সমুজ্জল চেতিয়াই।

অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তুলন কোঁৱৰ আৰু জ্যোতিমনি মৰাণ,কোষাধ্যক্ষ জয়ন্ত খাউণ্ড আঞ্চলিক দলটোৰ তত্বাৱধায়ক হিচাবে সভাত অংশগ্ৰহণ কৰে। আগন্তুক  লোকসভা নিৰ্বাচনক লক্ষ্য কৰি আঞ্চলিক দলটোৰ নিজস্ব ৰণকৌশল আৰু নিৰ্বাচনৰ প্ৰস্তুতি আৰু দলীয় বুনিয়াদ  সন্দৰ্ভত বিশদভাবে আলোচনা কৰা হয় গুৰুত্বপূৰ্ণ সভাত।

বিধানসভা সমষ্টিটোৰ ২২ খন আঞ্চলিকৰ পৰ্যবেশক সকল উপস্থিত থকা সভাত ২২০ টা ৱাৰ্ডত আঞ্চলিক দলটোৰ সবল সাংগঠনিক ভেঁটি গঢ়ি ,ৰাইজৰ মাজত আঞ্চলিকতাবাদৰ আস্থা বিশ্বাস উভতাই অনাৰ বাবে দলীয় নেতা কৰ্মীৰ কৰণীয়তা সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য দাঙি ধৰে তিনি তত্বাৱধায়কে।  তাৰোপৰি মিত্ৰশক্তিৰ প্ৰাৰ্থী গৰাকীক জয়ী কৰাত দলীয় প্ৰতিগৰাকী কৰ্মীৰ দায়িত্ব কৰ্তব্য সন্দৰ্ভতো সভাত অবলোকন কৰা হয় ।

বিগত ৫ বছৰীয়া কাৰ্যকালত এবাৰো ঢকুৱাখনা অগপৰ কাৰ্য্যালয়ত ভৰি দি নোপোৱা সাংসদ প্ৰাৰ্থী প্ৰদান বৰুৱা, মিত্ৰ জোঁটৰ অংশীদাৰ হিচাবে ৫ বছৰীয়া কাৰ্যকালত আঞ্চলিক দলটোৰ কৰ্মী সকলক এষাৰ মাত দি মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিবলৈ আহৰি নোহোৱা প্ৰদান বৰুৱাক নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বই গ্ৰহণ কৰা ৰণকৌশল কিমান দূৰ  সফল হ'ব সেয়া সময়েহে কব।

Also Read: ৰঙিয়াৰ মূৰাৰাৰ ৪৩ সংখ্যক শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ সামৰণি

loksabha agp