পুনৰ নগাওঁ জিলাৰ উপৰিও কেইবাখনো জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক বদলি...

পুনৰ নগাওঁ জিলাৰ উপৰিও কেইবাখনো জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক বদলি...

author-image
Asomiya Pratidin
New Update
সাহসিকতা, উৎকৃষ্টতাৰ বাবে মুঠ ২৫ গৰাকী অসম আৰক্ষীৰ লোকলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...

পুনৰ নগাওঁ জিলাৰ উপৰিও কেইবাখনো জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক বদলি...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ আৰক্ষী প্ৰশাসনত ৰদবদল প্ৰক্ৰিয়া অব্যাহত আছে। জোনমণি ৰাভা কাণ্ডৰ পাছত প্ৰথমে নগাওঁ জিলাৰ ভিতৰত ডেৰ শতাধিক আৰক্ষী কনিষ্টবলক বদলি কৰাৰ পাছত আজি নগাওঁ, লখিমপুৰ আৰু হাইলাকান্দিৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছিল।

Advertisment

নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেক নগাওঁ জিলাৰ পৰা হাইলাকান্দিলৈ বদলি কৰাৰ বিপৰীতে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তক নগাওঁ জিলালৈ বদলি কৰা হৈছিল। একেদৰে লখিমপুৰৰ জিলাৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক আই জি পি (স্প'ৰ্টছ) হিচাপে বদলি কৰাৰ বিপৰীতে আনন্দ মিশ্ৰক লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।

ইয়াৰ পাছতে ৰাজ্যৰ গৃহ বিভাগৰ পৰা জাৰি হোৱা আন এক নিৰ্দেশনা অনুসৰি আন কেইবাখনো জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াক ৰদবদল কৰা হৈছে। মৰিগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তথা অসম আৰক্ষী সেৱাৰ বিষয়া সুপ্ৰতিভ লাল বৰুৱাক নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (হেডকোৱাৰ্টাৰ) হিচাপে বদলি কৰা হৈছে।

আনহাতে নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (হেডকোৱাৰ্টাৰ) ত্ৰিদীপ প্ৰতিম কুম্বাঙক তামুলপুৰ (হেডকোৱাৰ্টাৰ) ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। ইফালে কোকৰাঝাৰস্থিত সপ্তম এপিবিএনৰ এ পি এছ বিষয়া পাৰ্থ প্ৰতিম শইকীয়াক নগাওঁ জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।

পূৰ্বে নগাওঁ জিলাৰ এই দায়িত্বত থকা ৰূপজ্যোতি কলিতাক ইতিমধ্যে হেডকোৱাৰ্টাৰ ক্ল'জ কৰা হৈছে। পুনৰ শেহতীয়া এই নিৰ্দেশনাত ৰূপজ্যোতি কলিতাক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ কথা কোৱা হৈছে।

আনহাতে এছ টি এফৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথক মৰিগাওঁ (হেডকোৱাৰ্টাৰ)ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।

Also Read: খবৰৰ মাজত সঁচাকৈয়ে হেৰাই নে খবৰ ! জোনমণি, সংগীতা, বাবুল আৰু ক'ত যে কিমান...

অসম আৰক্ষী