কঠীয়াতলীত অন্ধবিশ্বাস আৰু ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতা সভা

নগাঁও জিলাৰ কঠিয়াতলী কন্দলীস্থিত অনন্ত কন্দলী উচ্চ মাধ্যমিক বিদ্যালয়ত নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অন্ধবিশ্বাস আৰু ডাইনী হত্যাৰ বিৰুদ্ধে এখন সজাগতা সভা শনিবাৰে অনুষ্ঠিত হৈ যায়।

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত অন্ধবিশ্বাস আৰু ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতা সভা

ডিজিটেল সংবাদ, কঠীয়াতলীঃ নগাঁও জিলাৰ কঠিয়াতলী কন্দলীস্থিত অনন্ত কন্দলী উচ্চ মাধ্যমিক বিদ্যালয়ত নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অন্ধবিশ্বাস আৰু ডাইনী হত্যাৰ বিৰুদ্ধে এখন সজাগতা সভা শনিবাৰে অনুষ্ঠিত হৈ যায়।

Advertisment

সাংবাদিক ঘনকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাখনৰ আঁত ধৰে অৰ্ধ আইনী স্বেচ্ছাসেৱক দীপেন শইকীয়াই। বিষয় সন্দৰ্ভত ভাষণ প্ৰদান কৰে আইসেৱাৰ অধিবক্তা পিংকু গোস্বামী, কঠীয়াতলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক নজিবুৰ ৰহমান, বিদ্যালয়ৰ প্ৰধান শিক্ষক বাপধন নাথে। সভাত অৰ্ধ আইনী স্বেচ্ছাসেৱক পাপুমনি বৰাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে।

Also Read: পথ দুৰ্ঘটনাত বাইহাটা চাৰিআলিৰ যুৱকৰ মৃত্যু

enacted law witch hunting awarness program Kathiatoli