পথ দুৰ্ঘটনাত বাইহাটা চাৰিআলিৰ যুৱকৰ মৃত্যু

পথ দুৰ্ঘটনাত বাইহাটা চাৰিআলিৰ যুৱকৰ মৃত্যু

ডিজিটেল সংবাদ, দুমুনিচকীঃ শনিবাৰে নিশা দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ছয়মাইলত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাত বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ভোমোলাহাটী গাঁও নিবাসী চোলেমান চৌধুৰী (৩৮) নামৰ এজন যুৱকৰ থিতাতে মৃত্যু হয়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে গুৱাহাটীৰ এখন হাস্পতালত চিকিৎসাধীন হৈ থকা নিজৰ শাহুমাকৰ খবৰ লৈ হোটেলত খাবৰ বাবে অহা চোলেমানক পথ পাৰ হোৱাৰ সময়তে এখন তীব্ৰবেগী ওৱেগনাৰ বাহনে খুন্দিয়াই। ফলত চোলেমানৰ থিতাতে মৃত্যু হয়।

প্ৰত্যক্ষদৰ্শী লোকে চোলেমানক ছয়মাইলস্থিত জি এন আৰ চি হাস্পতাললৈ লৈ যায় যদিও ইতিমধ্যে শেষ নিশ্বাস ত্যাগ কৰা চোলেমানৰ পৰিয়ালক হাস্পতাল কৰ্তৃপক্ষই পথ দুৰ্ঘটনা সম্পৰ্কে নিশা ফোনযোগে অবগত কৰে। ভোমোলাহাটী গাঁৱখনৰ এজন সৰবৰহী যুৱক চোলেমানৰ মৃত্যুৰ খবৰ লাভ কৰা মাত্ৰকে নিশাই অসংখ্য গুণমুগ্ধয় চোলেমানৰ বাসগৃহত উপস্থিত হোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে।

উল্লেখ্য যে পেচাত এজন ব্যৱসায়ী চোলেমানৰ পত্নীৰ ১৭ দিন পূৰ্বে এটি পুত্ৰ সন্তান জন্ম হয়। অঞ্চলটোৰ বিভিন্ন সামাজিক ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা চোলেমানৰ মৃত্যুত বাইহাটা চাৰিআলিৰ ভোমোলাহাটী অঞ্চলত শোকৰ ছাঁ পৰিছে। সম্প্ৰতি দিছপুৰ থানাৰ আৰক্ষীয়ে মৃত চোলেমানৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

পথ দুৰ্ঘটনাত বাইহাটা চাৰিআলিৰ যুৱকৰ মৃত্যু
বিহাৰৰ ৰাজনীতিত পট পৰিৱৰ্তন : মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পদত্যাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in