
ডিজিটেল ডেস্কঃ যোৱা ২ টা বছৰত মুখ্যমন্ত্ৰীৰ সাহায্য নিধিৰ পৰা ৰাজ্যৰ প্ৰায় ২ লাখ হিতাধিকাৰী উপকৃত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ২ টা বছৰ সম্পূৰ্ণ কৰাৰ পাছতে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিজ্ঞাপন অনুসৰি যোৱা ২ টা বছৰত মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ বৰঙণি আগবঢ়োৱা লোকৰ সংখ্যা ৫৪০ শতাংশলৈ বৃদ্ধি পাইছে।
প্ৰায় ৭০ হাজাৰ লোকে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ আগবঢ়াইছে ভিন্ন ৰাশিৰ ধন। চি এম ৰিলিফ ফাণ্ডত জমা হোৱা এই ধনৰ পৰাই ২ লাখ লোকক ২৩৬ কোটি টকা প্ৰত্যক্ষ ভাৱে বেংক যোগে সাহায্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।
আনহাতে এই চি এম ৰিলিফ ফাণ্ডৰ পৰাই ১ লাখৰো অধিক শিক্ষাৰ্থীয়ে পাঠ্যপুথিকে ধৰি বিভিন্ন শৈক্ষিক ব্যয়ৰ বাবে লাভ কৰিছে সাহায্য। বিজ্ঞাপনটোত উল্লেখ কৰা অনুসৰিয়েই জৰুৰীকালিন মেডিকেল সাহায্যৰ নামত ব্যয় কৰা হৈছে ৯৫ কোটি টকা।
এই ধন হিতাধিকাৰীসকললৈ তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে প্ৰত্যক্ষভাৱে ট্ৰেঞ্চফাৰ কৰা হৈছে।