/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/050d6ef3-4e3d-4974-8905-21426fdacdbc/8.jpg)
ডিজিটেল ডেস্ক : দুশ বছৰীয়া পুৰণি ফুলৰ চানেকিৰে প্ৰস্তুত কৰা মুগাৰ সাঁজ পিন্ধি, হাতত গামখাৰু, অসমীয়া গামোচা, খোপাত কপৌফুল গুজি ফ্ৰান্সত অনুষ্ঠিত হৈ থকা কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিলে মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই।
ৰেড কাৰ্পেটত খোজ দিয়াৰ অনুভৱ ব্যক্ত কৰি অভিনেত্ৰীগৰীয়ে কয় যে, তৃতীয়বাৰৰ বাবে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিওঁতে এইবেলিও নিজৰ পৰিচয়-স্বাভিমান লৈ সগৌৰৱেৰে এগৰাকী অসমীয়া হিচাপে খোজ দিলোঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/938d7d27-1146-483c-9d6c-5066cf4228ba/DSC_4348.jpg)
তেওঁ আৰু নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয় যে, দুশ বছৰীয়া পুৰণি ফুল নতুনকৈ মুগাৰ সাঁজত তুলি, হাতত গামখাৰু, অসমীয়া গামোছা, ৰিহা আৰু খোপাত কপৌফুলেৰে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ঐতিহ্যৰে ভৰা ৰেম্পত আমাৰ ঐতিহ্য-গৌৰৱক সাবটি, অসমবাসীৰ আশিস শিৰত লৈ খোজ থৈ নথৈ আপ্লুত হ’লোঁ বুলি মন্তব্য কৰে।
Also Read: টেঙাখাতৰ নিচামুক্তি কেন্দ্ৰৰ ৩০ নিচামুক্ত ব্যক্তিক সম্বৰ্ধনা