/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/853c2604-cd6d-4b17-9b17-f9706db2330e/23fdaf63_b97b_4907_a46c_dd9d0a56f6cd.jpg)
ডিজিটেল সংবাদ,টেঙাখাত : টেঙাখাত নিচামুক্তি কেন্দ্ৰ ৱে -টু -লাইভ - ৰিহেবিলিটেচন চেণ্টাৰত দেওবাৰে ৩০ গৰাকী নিচামুক্ত ব্যক্তিক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে সামাজিক সজাগতাৰ অভিপ্ৰায় আগত ৰাখি এখন বিশেষ সভা অনুষ্ঠিত কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d50a934b-b2e6-4461-9362-b4dfa8f7af6e/e165a8d2-58d6-469e-b2ac-a9b180b218f6.jpg)
ৱে- টু -লাইভ - ৰিহেবিলিটেচন চেণ্টাৰৰ উদ্যোগত তথা তত্বাবধানত অনুষ্ঠিত উক্ত সভাত সভাপতিত্ব কৰে স্থানীয় অৱসৰপ্ৰাপ্ত গাওঁপ্ৰধান মানিক ফুকনে । ৱে-টু- লাইভ -ৰিহেবিলিটেচন চেণ্টাৰৰ মুখ্য ন্যাসৰক্ষী প্ৰাঞ্জল প্ৰতীম দত্তই আঁত ধৰা উক্ত সভাত বহু বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুৰব্বী দল সংগঠনৰ নেতাকৰ্মী,সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰে ।
Also Read: উদুলি-মুদুলি ভোটাইগাঁৱৰ পদুলিঃ জ্যোতি লাইব্ৰেৰী আৰু তৰুণ সংঘৰ হীৰক জয়ন্তী উৎসৱৰ আৰম্ভণি