/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/150870f2-ec1c-4842-a005-2c715f8632df/AI_ART.jpg)
ডিজিটেল ডেস্কঃ বিশ্বায়নৰ যুগত নিতৌ আবিস্কাৰ হয় ন ন প্ৰযুক্তিৰ। এনে আবিস্কাৰে সৰ্বধাৰণ ৰাইজক দি যায় নতুন নতুন তথ্য। বৰ্তমান সমাজত সঘনাই চৰ্চিত বিষয়টি হৈছে AI আৰ্ট।
শেহতীয়াকৈ বিভিন্ন শিল্পীয়ে একাংশ চৰিত্ৰক কৃত্ৰিম বুদ্ধিমত্তা কৌশল প্ৰয়োগ কৰি চৰিত্ৰসমূহক নতুন ৰূপ দি সাধাৰণ দৰ্শক-ৰাইজৰ মাজত মুকলি কৰি দিয়ে। যাৰ ফলত দৰ্শকসকলেও ইয়াৰ প্ৰতি আকৃষ্ট হয় আৰু মনত নতুন চিন্তাৰ খোৰাকৰ সঞ্চাৰ হয়।
ইতিমধ্যে AI আৰ্ট কৌশল ব্যৱহাৰ কৰি বিশ্বৰ বহুসংখ্যক কৃ্ত্ৰিম বুদ্ধিমত্তা শিল্পীয়ে সংবাদ সংস্থা অথবা সামাজকিক মাধ্যমত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। তেনে এক পৰিবেশৰ মাজতে এগৰাকী শিল্পীয়ে জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰসকলক AI আৰ্টৰ কৌশল ব্যৱহাৰ কৰি তেওঁলোকক নতুন ৰূপ দিয়ে।
এইসকল ক্ৰিকেটাৰৰ ভিতৰত ধোনী,কোহলি,ঋষভ পণ্ট, শুভমন গীল,হাৰ্ডিক পাণ্ডিয়া আদি। উক্ত তাৰকা ক্ৰিকেটাৰসকলক মহিলা হ'লে কেনেকুৱা দেখা হ'ব সেই উদ্দেশ্যে তেওঁলোকৰ AI ছবি নিৰ্মাণ কৰিছে।
আনহাতে উক্ত ক্ৰিকেটাৰসকলৰ নামসমূহো মহিলা নামাকৰণৰে উপস্থাপন কৰে। যেনে বিদ্যা কোহলি,শুভদ্ৰা গীল,গৌতমী গম্ভীৰ,ঋষি পণ্ট ইত্যাদি।
Also Read: ষাঁড়ৰ পিঠিত উঠি শাস্তিৰ সন্মুখীন উত্তৰ প্ৰদেশৰ যুৱক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us