৫০বছৰীয়া হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল কাজিৰঙাই
৫০বছৰীয়া হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...
৫০বছৰীয়া হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

ডিজিটেল সংবাদ, কাজিৰঙাঃ আজি পঞ্চাশ বছৰত ভৰি দিলে সকলোৰে মৰমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ।১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰা কাজিৰঙাই অতিক্ৰম কৰিলে গৌৰৱ উজ্জ্বল পঞ্চাশটা বছৰ ৷ ইয়াৰ মাজতে ৰাষ্ট্ৰীয় উদ্যানখনে বহু পালে যদিও অন্তৰ্নিহিত হৈ থাকিল বহু হেৰুৱাৰ বেদনা৷

১৯০৫ চনত সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষনা কৰা কাজিৰঙাই স্বাধীনতাৰ পাছত লাভ কৰিলে আন এক স্বীকৃতি ৷ ১৯৫০ চনত কাজিৰঙাই পালে ৱাইল্ডলাইফ চেঞ্চুৰীৰ মৰ্যদা। কিন্তু সেই সময়ত কোনো বন আইন নাছিল বাবে বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়ে জটিলতাই। যাৰবাবে অসম চৰকাৰে নিজাববীয়াকৈ ১৯৬৮ চনত অসম বন্যপ্ৰাণী সুৰক্ষা আইন বলৱৎ কৰে ৷

অৱশ্যে পৰৱৰ্তী সময়ত ১৯৭২ চনত বন্যপ্ৰাণী সুৰক্ষা আইন ৰাষ্ট্ৰীয় ভাৱে বলৱৎ কৰা হয়। ৷ ইয়াৰ পাছতে ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত আহিল ভাল খবৰটো ৷কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষনা কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ সেই বিশেষ দিনটোৰ পৰা বহু ঘাটপ্ৰতিঘাটৰ মাজতো এক বৰ্ণিল অধ্যায় অতিক্ৰম কৰি পঞ্চাশ বছৰীয়া হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷

পঞ্চাশ বছৰৰ ভিতৰত ১০ টা সংযোজন সামৰি কাজিৰঙাৰ পৰিসৰ বৃদ্ধি পালে ৪২৫ বৰ্গ কিলোমিটাৰৰ পৰা ১,৩০০ বৰ্গ কিলোমিটাৰলৈ । ইয়াৰ পাছতে সুখবৰ কঢ়িয়াই জৈৱবৈচিত্ৰতাৰ প্ৰয়োভৰ আৰু গঁড়ৰ আৱাসভূমি হিচাবে ১৯৮৫ চনত ইউনেস্কই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যদা প্ৰদান কৰে কাজিৰঙাক ৷

আনহাতে গঁড় সংৰক্ষণৰ ইতিহাসত ১৯০৫ চনত ২০টাৰো কম সংখ্যক গঁড় থকা কাজিৰঙাত ১৯৬৬ চনৰ গণনা মতে গঁড়ৰ সংখ্যা বৃদ্ধি হয় ৪০০টালৈ ৷ এইক্ষেত্ৰত গঁড় সংৰক্ষণৰ ক্ষেত্ৰত সফলতা লাভ কৰা ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমান গঁড়ৰ সংখ্যা ৩০০০ ৰৰো অধিক ৷

অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বন্যপ্ৰাণী সংৰক্ষণৰ সফলতাৰ সন্পূৰ্ণ কৃতিত্ব প্ৰদান কৰিছে বনকৰ্মী সকলৰ ওপৰত ৷অতন্দ্ৰ প্ৰহৰি বনকৰ্মী সকলৰ ত্যাগ আৰু কষ্টৰ বাবেহে বন্যপ্ৰাণী সংৰক্ষণত সফলতা লাভ কৰিছে কাজিৰঙাই ৷উল্লেখযোগ্য যে কাজিৰঙাত পৰ্যটন আৰম্ভ হয় ১৯৩৮ চনত ৷

৫০বছৰীয়া হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...
অসমত বন্ধ হ'ব তন্ত্ৰ-মন্ত্ৰঃ একেলগে পঢ়ি লওক কেবিনেটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in