/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1fa31557-f435-4cb6-bc80-7a894bd8fef8/modi_da.jpg)
সনাতনক ধ্বংস কৰি বিৰোধীয়ে পুনৰ দেশক দাসত্বলৈ ঠেলি দিব বিচাৰেঃ মোডী
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মো়ডীয়ে বিনা শোধনাগাৰত পেট্ৰ'কেমিকেলচ কমপ্লেক্স আৰু মধ্য প্ৰদেশৰ ১০ টা ঔদ্যোগিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। একে সময়তে প্ৰধানমন্ত্ৰী মোডীয়ে এক বিশাল জনসভা সম্বোধন কৰে।
এই জনসভা সম্বোধন কৰি মোডীয়ে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক লক্ষ্য কৰি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধীয়ে দেশত সনাতনক শেষ কৰি পুনৰ দাসত্বলৈ ঠেলি দিব বিচাৰে। তেওঁলোকৰ নেতৃত্বক লৈ বিভ্ৰান্তি আছে। কিন্তু মুম্বাই বৈঠকত অহংকাৰী মিত্ৰজোঁটে কেনেদৰে কাম কৰিব তাৰ এক নীতি আৰু ৰণনীতি প্ৰস্তুত কৰিছে। তেওঁলোকে গোপন কাৰ্যসূচীও নিৰ্ধাৰণ কৰিছে।
প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে মধ্য প্ৰদেশত ৫০,০০০ কোটি টকাৰ প্ৰকল্প আৰম্ভ কৰা হৈছে। ই ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰিব। যিকোনো দেশ বা যিকোনো ৰাজ্যৰ উন্নয়নৰ বাবে শাসন সম্পূৰ্ণ স্বচ্ছতাৰে চলিব লাগে। মধ্য প্ৰদেশত আজিৰ প্ৰজন্মৰ মনত নাথাকিব, কিন্তু এটা দিন আছিল যেতিয়া মধ্য প্ৰদেশক দেশৰ আটাইতকৈ বেয়া ৰাজ্য হিচাপে চিনাক্ত কৰা হৈছিল।
স্বাধীনতাৰ পিছত যিসকলে দীৰ্ঘদিন ধৰি মধ্যপ্ৰদেশ শাসন কৰিছিল, তেওঁলোকে দুৰ্নীতি আৰু অপৰাধৰ বাহিৰে ৰাজ্যখনক একো দিয়া নাছিল। এটা সময় আছিল যেতিয়া অপৰাধীসকল ইয়াত প্ৰভাৱশালী আছিল আৰু মানুহে আইন-শৃংখলাৰ ওপৰত বিশ্বাস কৰা নাছিল।
মোডীয়ে লগতে কয়, কিন্তু যেতিয়া আমাৰ সময় আহিল আমি সম্পূৰ্ণ নিষ্ঠাৰে মধ্যপ্ৰদেশৰ ভাগ্য সলনি কৰাৰ বাবে কাম কৰি আছো। ভয়ৰ পৰা আমি মধ্যপ্ৰদেশক মুক্তি দিছো। এতিয়া ভাৰতে দাসত্ব এৰি স্বতন্ত্ৰভাৱে আগবঢ়াৰ কাম কৰি আছে।
Also Read: শেষ লেখাটো লিখা নহ'ল ৰমু দাৰ...