এচিভাৰ এৱাৰ্ডছঃ প্ৰতিদিন গোষ্ঠীৰ ৫ গৰাকী সাংবাদিকলৈ ''শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা''

শুকুৰবাৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় সাদিন-প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ডছ ২০২৩।

author-image
Asomiya Pratidin
New Update
এচিভাৰ এৱাৰ্ডছঃ প্ৰতিদিন গোষ্ঠীৰ ৫ গৰাকী সাংবাদিকলৈ ''শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা''

ডিজিটেল ডেস্কঃ শুকুৰবাৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় সাদিন-প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ডছ ২০২৩। এই অনুষ্ঠানত প্ৰতিদিন গোষ্ঠীৰ ৫ গৰাকী সাংবাদিকক প্রদান কৰা হয় শ্রেষ্ঠ সাংবাদিকৰ বঁটা।

Advertisment

সাংবাদিকতা আৰু কাৰিকৰী শাখাৰ শিতানত আগবঢ়োৱা হৈছে এই বঁটা। প্রতিদিন টাইমৰ নিউজ এডিটৰ পংকজ শইকীয়ালৈ শ্রেষ্ঠ সাংবাদিকৰ বঁটা।

প্রতিদিন টাইমৰ টেকনিকেল হেড অনুপ গগৈলৈ কাৰিকৰী শিতানৰ বঁটা। অসমীয়া প্রতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকালৈ শ্রেষ্ঠ সাংবাদিকৰ বঁটা।

অসমীয়া প্রতিদিন কাকতৰ প্রকাশক যতীন চৌধুৰীলৈ এই বিশেষ সন্মান লগতে অসমীয়া প্রতিদিন ডিজিটেল ডেস্কৰ ৰূপজ্যোতি নাথলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰদান কৰে এই বঁটা। ইয়াৰোপৰি আৰু বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বহু বৰেণ্যলোকক এই বঁটা প্ৰদান কৰা হ'ব।

Also Read: আৰম্ভ সাদিন-প্ৰতিদিন গোষ্ঠীৰ 'এচিভাৰ এৱাৰ্ডছ ২০২৩', উপস্থিত দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী

achiever awards