আৰম্ভ সাদিন-প্ৰতিদিন গোষ্ঠীৰ 'এচিভাৰ এৱাৰ্ডছ ২০২৩', উপস্থিত দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী

আৰম্ভ সাদিন-প্ৰতিদিন গোষ্ঠীৰ 'এচিভাৰ এৱাৰ্ডছ ২০২৩', উপস্থিত দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী

ডিজিটেল ডেস্কঃ আৰম্ভ সাদিন-প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ডছ ২০২৩। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকেকেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী আৰু সৰ্বানন্দ সোনোৱাল।

ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হয় এই অনুষ্ঠান। তাৰপাছতে বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা, সাদিনৰ এডিটৰ অনুৰাধা শৰ্মা পূজাৰী, নন্দিনীৰ এডিটৰ মাইনী মহন্ত আৰু প্ৰতিদিন টাইমৰ এডিটৰ ইন ছীফ নিতুমণি শইকীয়া।

ইয়াৰোপৰি আজিৰ এই অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত কেইবাজনো বৰেণ্য ব্যক্তিক বিশেষ সন্মান প্ৰদান কৰা হ'ব। সামাজিক, শৈক্ষিক, বাণিজ্য আদি বিভিন্ন দিশত আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব।

আৰম্ভ সাদিন-প্ৰতিদিন গোষ্ঠীৰ 'এচিভাৰ এৱাৰ্ডছ ২০২৩', উপস্থিত দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী
মাজুলীত ভয়ংকৰ অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in