ৰঙিয়াত অনৈতিক কাৰ্যকলাপৰ গোচৰত অভিযুক্তক ৬বছৰ কাৰাদণ্ড

ৰঙিয়াত অনৈতিক কাৰ্যকলাপৰ গোচৰত অভিযুক্তক ৬বছৰ কাৰাদণ্ড
Published on
Updated on

ডিজিটেল সংবাদ, ৰঙিয়া : ৰঙিয়াত বৃহস্পতিবাৰে অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ আদালতে ধৰ্ষণৰ গোচৰত অভিযুক্ত এজনক ছয় বছৰৰ কাৰাদণ্ড বিহে। ঘটনাৰ বিৱৰণী অনুসৰি বাক্সা জিলাৰ গুৰমৌ গাঁৱৰ অভিযুক্ত তাজনুৰ আলীক বিহে মুঠ ৬বছৰৰ কাৰাদণ্ডৰ লগতে ১৫ হাজাৰ টকা জৰিমনা।

উল্লেখ্য যে ধৰ্ষিতাৰ পিতৃৰ অভিযোগত তৰা গোচৰৰ ভিত্তিত উপযুক্ত সাক্ষীৰ প্ৰমাণ পাই তামুলপুৰ থানাৰ অন্তৰ্গত গুৰমৌৰ তাজনুৰ আলীক এই অতিৰিক্ত সত্ৰ ন্যায়াধীশ ও বিশেষ ন্যায়াধীশ আদালতে শাস্তি ঘোষণা কৰে। ইফালে আদালতৰ শুনানিৰ পিছতেই পিছত আৰক্ষীয়ে ধৃত অভিযুক্তটোক জে'ল হাজোতলৈ প্ৰেৰণ কৰে।

ৰঙিয়াত অনৈতিক কাৰ্যকলাপৰ গোচৰত অভিযুক্তক ৬বছৰ কাৰাদণ্ড
ADRE পৰীক্ষা : মৰিগাঁও জিলাৰ পৰীক্ষাৰ্থীৰ বাবে জিলা পৰিবহণ কাৰ্যালয়ে লৈছে বিশেষ পদক্ষেপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in