হোজাইত 'জলমিত্ৰ' পদৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ...

হোজাইত 'জলমিত্ৰ' পদৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ...

author-image
Asomiya Pratidin
New Update
হোজাইত 'জলমিত্ৰ' পদৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ...

ডিজিটেল সংবাদ,লংকা : হোজাই জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ ৪ নং নিউ ডেৰাপথাৰ পানী যোগান আঁচনিত চোৱাচিতাৰ বাবে নিয়োগ কৰা জলমিত্ৰ পদত ভূমিদান কৰিও জলমিত্ৰৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় মন্দিৰ সমিতিয়ে ভূমিদান কৰি সৰ্বসন্মতি ক্ৰমে নিৰ্বাচিত কৰা প্ৰাৰ্থীক বঞ্চিত কৰি স্বজন-তোষনেৰে অন্য প্ৰাৰ্থীক জলমিত্ৰ পদত নিয়োগ কৰাক লৈ উত্থাপিত হৈছে অভিযোগ।

Advertisment

উক্ত ঘটনাক কেন্দ্ৰ কৰি লামডিঙ সমষ্টিৰ নিউ ডেৰাপথাৰ ৪নং অঞ্চলৰ ডালু সম্প্ৰদায়ৰ লোকসকলৰ মাজত সৃষ্টি হৈছে প্ৰচণ্ড ক্ষোভৰ। ইপিনে, চহী জালিয়াতিৰ দৰে অনি‌য়মৰ আশ্ৰয় লৈ জলমিত্ৰ পদৰ পৰা ডালু সম্প্ৰদায়ৰ প্ৰশ্নৰাজ ডালু নামৰ যুৱকজনক বঞ্চিত কৰাৰ অভিযোগ আঁচনিখনৰ পৰিচালনা সমিতিৰ সভাপতি নিৰ্মল ডালুৰ।

এই সন্দৰ্ভত হোজাই জিলাৰ আয়ুক্ত আৰু লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ ওচৰত অভিযোগ দাখিল কৰিও সঁহাৰি পোৱা নাই ডালু সম্প্ৰদায়ৰ লোকসকলে। যাৰবাবে শেহতীয়াকৈ সংবাদ মাধ্যমৰ কাষ চাপি ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰিছে।

Also Read: বেলতলাৰ ফ্লেটৰ পৰা গ্ৰেপ্তাৰ প্ৰৱঞ্চক স্বপ্ননীল দাসক : জব্দ দুখন বিলাসী বাহন

hojai lanka