Advertisment

মেৰাপানীত মঘাই ওজা স্মৃতি দিৱস উদযাপন...

মেৰাপানীত মঘাই ওজা স্মৃতি দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
মেৰাপানীত মঘাই ওজা স্মৃতি দিৱস উদযাপন...

ডিজিটেল সংবাদ, মেৰাপানীঃ বিহু সুৰক্ষা সমিতি অসম, গোলাঘাট জিলা সমিতিৰ সৌজন্যত তথা সোনোৱাল কছাৰী জাতীয় সংগঠনৰ উদ্যোগত মেৰাপানীত মঘাই ওজা স্মৃতি দিৱস উদ্‌যাপন কৰা হয়। মঘাই ওজা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি বিহু সুৰক্ষা সমিতিৰ গোলাঘাট জিলা সমিতিয়ে মক্ৰং সৰুকছাৰীৰ "এছীয়া বৰা ওজাক" মঘাই ওজা সোঁৱৰণি বঁটা প্ৰদান কৰে।

Advertisment

মেৰাপানীৰ তৰাণি বিশ্ৰামপুৰৰ খ্ৰীং খ্ৰীং বাইথৌ মন্দিৰ প্ৰাঙ্গনত আয়োজিত অনুষ্ঠানত চেমনীয়া আৰু জ্যেষ্ঠ সকলৰ মাজত ঢোল বাদন প্ৰতিযোগিতাও সম্পন্ন হয়। বিশিষ্ট ওজা সোমনাথ বৰা উপস্থিত থাকি বৰ্তমান সময়ত অসমীয়া সমাজৰ পৰা হেৰাই যাব বিছৰা ওজাৰ প্ৰাসংঙ্গিকতা ব্যাখ্যা কৰে।

মেৰাপানী