ৰন্ধন গেছ কঢ়িওয়া বাহনত কাঠ সৰবৰাহ: দুৰ্ঘটনাৰ ফলতহে পোহৰলৈ আহে এই কথা...

কাজিৰঙাৰ বচা গাওঁত পথ দুৰ্ঘটনা। ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰিলে বলে’ৰ পিকআপ বাহনে

author-image
Asomiya Pratidin
New Update
ৰন্ধন গেছ কঢ়িওয়া বাহনত কাঠ সৰবৰাহ: দুৰ্ঘটনাৰ ফলতহে পোহৰলৈ আহে এই কথা...

ডিজিটেল সংবাদ, কাজিৰঙা: কাজিৰঙাৰ বচা গাওঁত পথ দুৰ্ঘটনা। ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰিলে বলে’ৰ পিকআপ বাহনে। এএচ ০১ এইচচি ৮৮০৭ নম্বৰৰ ইণ্ডিয়ান গেছ এজেঞ্চিৰ ট্ৰাকখন খুন্দা মাৰে বাহনখনে। ঘটনাত এএচ ০১২ বিচি ৯০৯৭ নম্বৰৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালক-হেন্দিমেন গুৰুত্বৰভাৱে আহত হয়।

Advertisment

পিছে ঘটনাৰ পাছতে পোহৰলৈ আহিছে অন্য এক তথ্য। ইণ্ডিয়ান গেছ এজেঞ্চিৰ উক্ত ট্ৰাকখনত আছে বুজন পৰিমাণৰ কাঠ। গেছৰ সলনি কাজিৰঙাৰ সমীপত ট্ৰাক খনত উদ্ধাৰ কৰা বুজন পৰিমাণৰ কাঠে এতিয়া স্বাভাৱিকতেই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এইয়া যেন কাঠ সৰবৰাহ কৰাৰ নতুন কৌশল ৷

আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে কাঠ কঢ়িয়াই অনা দুৰ্ঘটনাগ্ৰস্ত বাহনত কাঠ উদ্ধাৰ হোৱা কথাক আৰক্ষীয়ে গাপ দিয়াৰ অভিযাগ উত্থাপন হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীৰত কঠোৰ তালাচীৰ পিছতো কি দৰে এনে গাড়ী পাৰ হৈ যায় সেয়াও এক ৰহস্যৰ বিষয় হৈ পৰিছে।

Also Read: আজি কামাখ্যা দৰ্শনৰ বাবে আহিছিল ৰাণী মুখাৰ্জী, কাৰণ...

kaziranga national park