ভিন্ন প্ৰান্তত কেইবাটাও পথ দুৰ্ঘটনা, আহত কেইবাজনো লোক

নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্তানি পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। নগাঁৱৰ পৰা মৰিগাঁও অভিমুখে আহি থকা এখন ট্ৰাকে নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ ট্ৰেঞ্চফৰমাৰ খুন্দিয়াই পাছত পথৰ কাষত নামি যায়। তেনে সময়ছোৱাতে বিপৰীত দিশৰ পৰা অহা এখন স্কুটিক মহতিয়াই নিয়ে।

author-image
Asomiya Pratidin
New Update
পথ দুৰ্ঘটনা

পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক: নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্তানি পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। নগাঁৱৰ পৰা মৰিগাঁও অভিমুখে আহি থকা  এএছ০১-এলচি-৫৩২২ নম্বৰৰ এখন ট্ৰাকে নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ ট্ৰেঞ্চফৰমাৰ খুন্দিয়াই পাছত পথৰ কাষত নামি যায়। তেনে সময়ছোৱাতে বিপৰীত দিশৰ পৰা অহা এএছ১২-এডি-৪৬২৮ নম্বৰৰ এখন স্কুটিক মহতিয়াই নিয়ে। এই দুৰ্ঘটনাৰ ফলত স্কুটি আৰোহী এগৰাকী যুৱতী আৰু এজন যুৱক গুৰুত্বৰভাবে আহত হয়। আহতসকলক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। আহত দুজন নগাঁৱৰ কাছমাৰী গাঁৱৰ শংকৰজ্যোতি ডেকা, নিজু ডেকা বুলি জানিব পৰা গৈছে।

Advertisment

ইফালে নগাঁৱৰ কঠিয়াতলীৰ ৰেঙবেঙতো সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ডবকা অভিমুখে গৈ থকা অৱস্থাত অটʼৰিক্সাত পিছফালৰ পৰা খুন্দা মাৰে মাৰুটি ৱাগানাৰ বাহনে। দুৰ্ঘটনাত আহত হয় অটʼ ৰিক্সাখনৰ ৬/৭জন যাত্ৰী। সম্প্ৰতি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আহত লোক কেইজনক। দুৰ্ঘটনা সংঘটিত কৰা ৱাগানাৰখনৰ নম্বৰ  এএছ০৯-জে-২০৩৫।

accident assam accident news accident latest assam accident latest accident news