ঢকুৱাখনাত উদণ্ড চালকে প্ৰাণ ল'লে কিশোৰৰ !

এ এছ ০৭ বি ২২৮১ নম্বৰৰ এখন তীব্ৰবেগী বলেৰ' পিকআপ বাহনে প্ৰচণ্ড জোৰত খুন্দা মাৰে গাঁৱখনৰ ৰাকেশ দাসক

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

ডিজিটেল সংবাদ, ঢকুৱাখনা: উদণ্ড চালকে প্ৰাণ কাঢ়িলে কিশোৰৰ। এই ঘটনা সংঘটিত হৈছে ঢকুৱাখনাত। জানিব পৰা মতে ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত সুঁতিমুখ গাঁৱত এটি কিশোৰৰ প্ৰাণ কাঢ়ি নিলে উদণ্ড মালবাহী বাহনৰ চালকে।

Advertisment

শনিবাৰে বিয়লি প্ৰায় ৪-৩০ বজাত নিজ বাসগৃহৰ সন্মুখৰ পথেৰে গৈ থকা অৱস্থাত  এ এছ ০৭ বি ২২৮১ নম্বৰৰ তীব্ৰবেগী বলেৰ' পিক-আপ বাহনে প্ৰচণ্ড জোৰত খুন্দা মাৰে উক্ত গাঁৱখনৰ বুবুল দাস আৰু জয়ন্তী দাসৰ পুত্ৰ ৰাকেশ দাসক (১০)। 

শিল কঢ়িয়াই অনা গাড়ীখনে সুঁতিমুখ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণী মেধাৱী ছাত্ৰগৰাকীক খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে ছাত্ৰ ৰাকেশ দাসৰ মৃত্যু হয় । অভিযোগ অনুসৰি ঘন জনবসতিপূৰ্ণ গাঁৱলীয়া পথেৰে তীব্ৰ গতিত চালক পাপুল চেতিয়াই মালবাহী বাহনখন চলোৱাৰ বাবেই এই মৰ্মান্তিক ঘটনাটো সংঘটিত হোৱা বুলি একাংশ ৰাইজৰ অভিযোগ।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ  বাবে  প্ৰেৰণৰ ব্যৱস্থা কৰে লগতে ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰে । উল্লেখ্য যে পথচোৱাত দুখনকৈ নিম্ন পৰ্যায়ৰ শিক্ষানুষ্ঠান থকাৰ পাছতো কোনো গতিৰোধক নথকাৰ বাবে বাহনসমূহৰ গতি তীব্ৰতা বৃদ্ধি পাই পথ দুৰ্ঘটনা সংঘটিত হয় বুলি সচেতন ৰাইজে অভিযোগ কৰিছে।

Also Read: Assam's War Hero Lachit Borphukan: থোৰতে বীৰ লাচিত বৰফুকন

dhakuakhana